
নলবাৰীঃ মানৱ সেৱাই পৰম ধৰ্ম৷ হয়, মানৱ সেৱাত বৰ্তি হৈ থকা নলবাৰীৰ এজন লোক৷ যিগৰাকী লোকে সমাজৰ পৰা অৱেহলিত লোকক সহায় কৰিবলৈ আগবাঢ়ি আহে৷
সন্তানৰ পৰা অৱহেলিত বহু পিতৃ-মাতৃক উদ্ধাৰ কৰি খুউৱা-ধুউৱাৰ পৰা আৰম্ভ কৰি শুশ্ৰুষা কৰে তেও৷ বহু বিপদত পৰা লোকৰ ভৰষা যেন তেও৷ সেই গৰাকী লোকক সন্মান যাচে শুকুৰবাৰে৷ তেও হৈছে শান্তি নিৱাস অনাথ আশ্ৰমৰ পৰিচালক তথা মানৱ দৰদী সাংবাদিক মজিবুৰ ৰহমান৷
নলবাৰী জিলাৰ কৰিয়াৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ঝংকাৰ ডান্স একাডেমীৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি নলবাৰীৰ দুগৰাকী লোকক “শ্ৰেষ্ঠ নলবৰীয়া” বটাঁ প্ৰদান কৰে৷ সাংবাদিক তথা শান্তি নিৱাস অনাথ আশ্ৰমৰ পৰিচালক সাংবাদিক মজিবুৰ ৰহমান আৰু সুদীৰ্ঘ ৫০ বছৰে ভ্ৰাম্যমান নাট্যজগতত নৃত্য কলাৰে দৰ্শকক আপ্লুত কৰা নৃত্যশিল্পী হেমো বৰুৱাক৷