
চাবুৱাঃ গানৰ পথাৰত কঠিয়া সিঁচি ৰাইজৰ বিপুল সহাঁৰি লাভ কৰিবলৈ সক্ষম হোৱা ৰাজীৱ শদিয়ালৈ মটক যুৱ-ছাত্ৰ পৰিষদে কঢ়িয়াই আনিছে এক সুখবৰ৷ নৱ প্ৰজন্মৰ শিল্পীগৰাকীক বিপ্লৱী শিল্পী বটাঁ আগবঢ়াব ৰাজ্যৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক সংগঠন মটক যুৱ-ছাত্ৰ পৰিষদে৷
দেওবাৰে এই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই৷ নিসন্দেহে এই খৱৰে আনন্দিত কৰি তুলিছে নৱ প্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পী ৰাজীৱ শদিয়াক৷