newsnextone.com | নগাঁওঃ চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চা কৰি যোৱা দেৱব্ৰত বৰাক এইবছৰৰ ৰাষ্ট্ৰীয় ‘সাহিত্য ৰত্ন’ বঁটা প্ৰদান কৰে৷ নগাঁও প্ৰধান ডাকঘৰৰ ডাক পৰিদৰ্শক তথা গোলাঘাটৰ পূৱ আমোলাপট্টি নিবাসী দেৱব্ৰত বৰাক সমতা সাহিত্য একাডেমীয়ে সাহিত্য ৰত্ন সন্মান প্ৰদান কৰে৷ 

যোৱা ২৭ মে’ত নাগপুৰত অনুষ্ঠিত হোৱা সমতা সাহিত্য একাডেমীৰ একাদশ ৰাষ্ট্ৰীয় অভিৰ্ৱতনত দেৱব্ৰত বৰাক এই সন্মান প্ৰদান কৰা হয়৷ লেখক বৰাৰ প্ৰৱন্ধ সংকলন ‘কবিতাৰ কল্পশৰীৰ আৰু নান্দনিকতা’, কাব্য সংকলন ‘হৃদয়ৰ নীৰৱ কোলাহল’ আৰু ‘পত্ৰহীন বৃক্ষৰ ছাঁ’ৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ 

নাগপুৰৰ বসন্তৰাও দেশপাণ্ডে সভাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেৱব্ৰত বৰাক এই সন্মান আনুষ্ঠানিকভাবে প্ৰদান কৰে সমতা সাহিত্য একাডেমীয়ে৷