জাজৰি: অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ সংমিশ্ৰণতে গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি। সময়ৰ লগে লগে তেওঁলোকৰ বিভিন্ন ভাষা, সংস্কৃতি আদিৰ সংমিশ্ৰণ হৈ সকলো জাতি-জনগোষ্ঠীৰে ভাষা-সংস্কৃতিৰ ৰূপ লৈছে । 

ভিন্ন জাতি-জনজাতিৰ সমাহাৰ ঘটা এই অসমভূমিত বসবাস কৰা লোকসকলক ভাৰতীয় সংবিধানত বৰ্ণহিন্দু (Caste Hindu), অনুসূচিত জনজাতি বা জনগোষ্ঠী (Scheduled Tribes), অনুসূচিত জাতি বা সম্প্ৰদায় (Scheduled Casts), পিছপৰা সম্প্ৰদায় বা অনুন্নত সম্প্ৰদায় (Backward Classes) আদি সংজ্ঞা তথা অভিধাৰে শ্ৰেণী বিভাজন কৰা হৈছে ৷

এই শ্ৰেণীসমূহৰ ভাষা-সংস্কৃতি তথা সকলো আৰ্থ-সামাজিক দিশৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে ৷ অনুসুচিত জাতি উন্নয়নৰ সকলোবোৰ দায়িত্ব  কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসকলৰ যদিও সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে কিছুমান বিশেষ দিশত তেওঁলোকৰ প্ৰচেষ্টাত বিশেষভাবে তৈয়াৰী আঁচনিৰ জৰিয়তে উদগনী যোগায়। ই ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ে অনুসুচিত জাতিৰ স্বাৰ্থ সংৰক্ষণ আৰু উদগনী দিবলৈ কৰা প্ৰচেষ্টা সমূহৰ তত্বাৱধানো লয়।

এনেদৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অনুসূচিত জাতি সম্প্ৰদায়ৰ জনসাধাৰণৰ মাজত আগবঢ়াই অহা বিভিন্ন আঁচনিৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে কালি নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতি অধ্যুষিত অঞ্চল তুলসী দেউৰী গাঁৱত এখন সজাগতা সভা অনুষ্ঠিত হয়।
অনুসূচিত জাতি কল্যান সঞ্চালকালয়ৰ উদ্যোগত বে-চৰকাৰী সংস্থা যুৱ শক্তি উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত অনুষ্ঠিত সজাগতা সভাত সভাপতিত্ব কৰে স্থানীয় সমাজকৰ্মী ঘনকান্ত দাসে। যুৱ শক্তি উন্নয়ন সমিতিৰ মূখ্য কাৰ্যবাহী বিষয়া তিলক দাসে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা সভাখনত অসমৰ অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ৰ সহকাৰী গৱেষক বিষয়া ৰামেশ্বৰ বৰা, সঞ্চালকালয়ৰ অধীক্ষক গৌৰিকান্ত চৰকাৰ, শিক্ষাবিদ টংকেশ্বৰ দাস আৰু অসম অনুসূচিত জাতি পৰিষদৰ কাৰ্যকৰী সভাপতি বানেশ্বৰ দাসে অনুসূচিত জাতিৰ আঁচনিসমূহৰ ওপৰত বহুল ব্যাখ্যা আগবঢ়াই ৷

উল্লেখ্য যে, সভাখনত নগাঁও জিলাৰ অনুসূচিত জাতি পৰিষদৰ সম্পাদক জয়ন্ত কুমাৰ দাস, যুৱ শক্তি উন্নয়ন সমিতিৰ সভাপতি অচ্যুত মালাকাৰ, সম্পাদক শম্ভু মালাকাৰকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে।