
গুৱাহাটীঃ ৰাজ্য চৰকাৰে শিক্ষকৰ চাকৰিৰ বাবে বিএড ডিগ্ৰী বাধ্যতামূলক কৰাৰ পাছতে শিক্ষিত নিৱনুৱাসকলে এটি চকৰিৰ আশাত বিএড ডিগ্ৰী কৰাৰ বাবে উঠি পৰি লাগিছে।
এটি চাকৰিৰ আশাত ৰাজ্যৰ শিক্ষিত নিৱনুৱাসকলে বিএড ডিগ্ৰীৰ নামভৰ্ত্তিৰ বাবে ৰাজ্যৰ বিএড কলেজসমূহত যোগাযোগ কৰিছে। তাৰ মাজতে একাংশ বিএড শিক্ষানুষ্ঠানে ধন ঘটাৰ ফাণ্ড পতা পৰিলক্ষিত হৈছে। বিএড ডিগ্ৰীৰ নামত ব্যৱসায় চলাই থকা পৰিক্ষিত হৈছে।
একাংশ মন্ত্ৰী, বিধায়ক তথা ৰাজনৈতিক দলৰ নেতাই ঘনিষ্ঠসকলক বিএড কলেজৰ খালী আসনত নামভৰ্তি কৰিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই।
দৰং জিলাৰ ছিপাঝাৰ-দেওমৰনৈ বিএড কলেজৰ নামভৰ্তিক লৈ উত্তপ্ত হৈ পৰিছে দৰং জিলাৰ পৰিৱেশ। দুয়োখন কলেজ কৰ্তৃপক্ষই একাংশ যুৱকৰ পৰা টকা লৈ নামভৰ্তি কৰিবলৈ সুযোগ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
দৰং জিলাৰ দুগৰাকী বিধায়ক গুৰুজ্যোতি দাস আৰু বিনন্দ কুমাৰ শইকীয়াই প্ৰায় অৰ্ধশতাধিক আসন নিজৰ অঙহী-বঙহীৰ নামত সংৰক্ষণ কৰাৰো অভিযোগ উত্থাপিত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ ছিপাঝাৰ আঞ্চলিক সমিতিয়ে ১০ ছেপ্তেম্বৰত দৰং জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি ছিপাঝাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত নামভৰ্তিৰ নামত ব্যাপত খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰে৷
ছাত্ৰ সন্থাই যোগ্য মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ একাংশ অযোগ্য ছাত্ৰ-ছাত্ৰীক কলেজ কৰ্তৃপক্ষই মোটা অংকৰ ধন লৈ নামভৰ্তিৰ সুযোগ দিয়াৰ অভিযোগ উত্থাপন কৰে আছুই৷ নীতি বহিৰ্ভূতভাৱে সংৰক্ষণৰ জৰিয়তে নামভৰ্তি কৰিবলৈ সুযোগ দিয়াৰো অভিযোগ তোলে সংগঠনটোৱে৷
আছুই পূৰ্বৰ তালিকা বাতিল কৰি যোগ্যতাৰ ভিত্তিত নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷ আজি দৰং জিলাৰ উপায়ুক্তই স্থানীয় সংগঠনৰ সৈতে এক আলোচনাত মিলিত হয়৷
কেইবাটাও সংগঠনে পূৰ্বৰ তালিকা বাতিল কৰি পুনৰ নামভৰ্তি কৰিব পৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ একাংশ লোকে অভিযোগ উত্থাপন কৰা মতে ৰাজনৈতিক প্ৰভাৱ খটুৱাই এটি ৰাজনৈতিক দলে হস্তক্ষেপ কৰি প্ৰায় ৫০খন আসন দলটোৰ ঘনিষ্ঠ লোকৰ নামত সংৰক্ষণ কৰে৷ একাংশ বিত্তৱান পৰিয়ালৰ লৰা-ছোৱালীয়ে নামভৰ্তিৰ সুবিধা পোৱাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালৰ প্ৰাৰ্থী বঞ্চিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
কেৱল ছিপাঝাৰ বিএড কলেজতে নহয় জিলাখনৰ দেওমৰনৈ বিএড কলেজতো আসন সংৰক্ষণ কৰি নামভৰ্তি কৰাৰ যোজা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। পৰিৱৰ্তনকামী চৰকাৰ থকাৰ পিছতো পূৰ্বৰ কংগ্ৰেছৰ কাৰ্যকালৰ দৰেকৈ এতিয়াও ৰাজনৈতিক নেতাৰ বাবে এনেদৰে আসন সংৰক্ষিত কৰা ব্যৱস্থাটোৱে স্বাভাৱিকতে অসন্তুষ্ট কৰি তুলিছে সকলোকে।