কোকৰাঝাৰঃ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বিটিচি সচিবালয়ৰ সমীপৱৰ্তী গ্ৰীন ফিল্ডত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হোৱা বিনামূলীয়া যোগ শিবিৰত অংশ লোৱা যোগগুৰু বাবা ৰামদেৱ বুধবাৰেও বিটিচিৰ বিভিন্ন প্ৰান্তৰ লোকক যোগাৰ প্ৰশিক্ষণ দিয়ে৷

স্বাস্থ্যৰ দিশত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে যোগগুৰু বাবা ৰাম দেৱে পূৱা বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী সহ ৰাজনৈতিক নেতা সকলকো স্বাস্থ্যৰ সজাগতাৰে যোগ প্ৰশিক্ষণ দিয়ে৷ আনপিনে ভোটগাঁওস্থিত ১২৯নং চিআৰপিএফৰ ছাউনিতো অংশলৈ দেশৰ নিৰাপত্তাৰ দায়িত্বত দিনে নিশাই কাম কৰা অৰ্ধসামৰিক বাহিনীৰ জোৱানকো যোগ প্ৰশিক্ষণ দিয়ে বাবা ৰামদেৱে৷

ভোটগাওস্থিত চি আৰ পিএফৰ ছাউনিত বাবা ৰামদেৱৰ সৈতে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীও উপস্থিত থাকে৷ একেদৰে বুধবাৰে চিৰাং জিলাৰ ৰৌমাৰিত উপস্থিত হৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে বাবা ৰামদেৱে৷

বাবা ৰামদেৱৰ সৈতে সংগ দিয়ে আচাৰ্য বালকৃষ্ণ জী মহাৰাজ, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে৷ উল্লেখ্য যে যোৱা ২১ নৱেম্বৰৰ পৰা ২৩ নৱেম্বৰলৈ বাবা ৰামদেৱে কোকৰাঝাৰত যোগ প্ৰশিক্ষনৰ সমান্তৰালকৈ বিনামূলীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ বৃহস্পতিবাৰে পাঁচ বজাত বাবা ৰামদেৱে যোগাৰ প্ৰশিক্ষণ দিব যত প্ৰায় অৰ্ধ লক্ষাধিক লোক অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে দাবী কৰিছে ৷