
ডিব্ৰুগড়ঃ দীননাথ বাবাৰ ভক্ত কম নহয় উজনি অসমত৷ ধৰ্মগুৰু বুলি খ্যাতি থকা দীননাথ বাবাৰ বয়স ৯২ বছৰ। বাবাক দেখিলেই সেৱা লৈ ভক্তিত গদ গদ হৈ পৰে বহু লোক৷ বহিঃৰাজ্যৰ পৰা প্ৰতি তিনি মাহৰ মূৰে মূৰে ডিব্ৰুগড় চহৰলৈ আহে এই বাবা।
CLICK► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
কোচবিহাৰৰ পৰা আহে বাবাই নানা আধ্যাত্মিক জ্ঞান দিয়ে৷ দীননাথ গোস্বামী ওৰফে দিগেন বৰ্মন নামৰ বাবা এতিয়া ৰঙাঘৰত। পিছে বহু ভক্তৰ আনুগত্য লাভ কৰি অহা এই ধৰ্মগুৰুৰ অধৰ্ম কৰ্ম কাণ্ড তথা ভণ্ডামি, বহু কু-কীৰ্তি বৰ্তমান পোহৰলৈ অহাত ৰঙাঘৰৰ আলহী হ’বলগাত পৰে বাবা।
CLICK► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
আজি ডিব্ৰুগড় সদৰ আৰক্ষীয়ে চহৰৰ আমোলাপট্টিৰ পৰা গেপ্তাৰ কৰে এই লম্পট বাবাক। ডিব্ৰুগড় আমোলাপট্টিৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভণ্ড বাবাক। ভণ্ড বাবাই কেইমাহমান আগেয়ে আমোলাপট্টিৰ এগৰাকী কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰা বুলি গোচৰ তৰে পৰিয়ালটোৱে।
CLICK► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
অভিযোগ মতে অন্তঃসত্বা কৰাৰ পিছত পুনৰ বহিঃ ৰাজ্যলৈ ঢাপলি মেলিছিল দীননাথ গোস্বামী ওৰফে দিগেন বৰ্মন। কিন্তু কেইমাহমানৰ পিছত পুনৰ আমোলাপট্টিলৈ আহিছিল ভণ্ড দীননাথ। এই খবৰ লাভ কৰি পৰিয়ালটোয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে গেপ্তাৰ কৰে লম্পট বাবাক। অৱশ্যে দিগেন বৰ্মনে এই অভিযোগ অস্বীকাৰ কৰিছে যদিও অচিৰেই বহু ভণ্ডামি পোহৰলৈ অহাৰ সম্ভাৱনা আছে বাবাৰ।