
ডিজিটেল ডেস্কঃ আকাশমাৰ্গতে হঠাৎ যাত্ৰীৰ সংখ্যা বৃদ্ধি পালে জেট এয়াৰৱেজৰ এখন বিমানত। সেই সময়ত ১৬২গৰাকী যাত্ৰীক কঢ়িয়াই ছৌদি আৰৱৰ পৰা ভাৰতলৈ আহি আছিল বিমানখন। কিন্তু কোন এই যাত্ৰী যিয়ে উৰন্ত বিমানত প্ৰৱেশ কৰাৰ দুঃসাহস কৰিলে?
জেট এয়াৰৱেজ কৰ্তৃপক্ষই সদৰী কৰা মতে, ৩৫ হাজাৰ ফুট উচ্চতাত আৰৱ সাগৰৰ ওপৰত বিমানখন উৰি থকাৰ মাজতে চি জোছ নামৰ ২৯ বৰ্ষীয় এগৰাকী মহিলা যাত্ৰীৰ আগতীয়া প্ৰসৱ বেদনা আৰম্ভ হয়।
লগে লগে বিমানখনৰ কৰ্মচাৰীসকলে মহিলাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি যায়। বিমানৰ কৰ্মচাৰীসকলৰ সহায়তে আকাশমাৰ্গতে এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে কেৰালাৰ মহিলাগৰাকীয়ে। সন্তানটিৰ সৈতে মাতৃগৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।
জেট এয়াৰৱেজৰ ৯ডব্লিউ ৫৬৯ নং বিমানখনত এনেদৰে মাজ আকাশতে বৃদ্ধি পায় যাত্ৰীৰ সংখ্যা। বিমানখনে পুৱা ২.৫৫ বজাত ছৌদি আৰৱৰ ডামামৰ পৰা কোচি অভিমুখে উৰা মাৰিছিল।
কাকতালীয়ভাৱে উক্ত বিমানখনত মিনি উইলছন নামৰ এগৰাকী নাৰ্ছো যাত্ৰী হিচাপে আছিল। এই নাৰ্ছগৰাকীৰ সহায়তে আকাশতে কোনোধৰণৰ বিপদ নোহোৱাকৈ মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত হয় মহিলাগৰাকী।
বিমানতে সন্তান জন্ম পোৱাৰ পৰিপ্ৰেক্ষিতত মুম্বাইত জৰুৰীভাৱে বিমানখন অৱতৰণ কৰাই মাতৃ-পুত্ৰক ততাতৈয়াকৈ আন্ধেৰীস্থিত হলি স্পিৰিট হাস্পতাললৈ প্ৰেৰণ কৰা হয়। পিছত ৯০ মিনিট পলমকৈ গন্তব্যস্থান কোচি অভিমুখে ৰাওনা হয় বিমানখন।
আকাশমাৰ্গতে জেট এয়াৰৱেজৰ বিমানত শিশু জন্ম হোৱা এয়াই প্ৰথম বুলি জানিবলৈ দিছে প্ৰতিষ্ঠানটোৰ এগৰাকী শীৰ্ষ বিষয়াই। এনে পৰিপ্ৰেক্ষিতত উক্ত শিশুটিক উপহাৰ স্বৰূপে আজীৱন বিনামূলীয়াকৈ প্ৰতিষ্ঠানটোৰ বিমানত উৰণৰ সুবিধা প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে জেট এয়াৰৱেজ কৰ্তৃপক্ষই।