07
Aug
2017

বালিপৰাঃ কিমান কঠোৰ হ’ব পাৰে হৃদয়৷ নিজৰ গৰ্ভত থিতাপি লৈ পৃথিৱীৰ পোহৰ দেখা মাত্ৰকে কেচুৱাক হত্যা কৰাৰ বাবে উঠি পৰি লাগিল কোনো মাতৃ৷
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজান চাহ বাগিছাৰ জৰাজীৰ্ণ নলাত এটি পানী কেচুৱাক দলিয়াই কোনো লোকে৷ সৌভাগ্যক্ৰমে দলিয়াই দিয়া পানী কেচুৱাটো জাবৰৰ মাজত পৰিও জীয়াই থাকে৷
বাগিছাত ঘাহ কাটিবলৈ যোৱা ৰঞ্জিত ভুমিজ নামৰ এগৰাকী লোকে কেচুৱাৰ কোন্দোন শুনি জংঘলত প্ৰৱেশ কৰে৷ এটি কেচুৱা পৰি থকে প্ৰত্যক্ষ কৰি কোচুৱাটোক ততাতৈয়াকৈ ঘৰলৈ আনি চাফ-চিকুণ কৰে লোকজনে৷
কোনো পাষাণ হৃদয়ৰ লোকে সম্পৰ্কৰ পৰিণতিত জন্ম পোৱা কেচুৱাটোক লোকচক্ষুৰ পৰা বাচিবলৈ এনেদৰে বাগিছাৰ নলাত পেলায় থৈ যোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে। কেচুৱাটো ৰঞ্জিত ভূমিজ অাৰু অাইজনি ভূমিজ নামৰ দম্পতিহালৰ ঘৰত সুস্থ হৈ আছে৷