newsnextone.com  খাৰুপেটীয়াঃ  প্ৰায় এশ ছাত্ৰ-ছাত্ৰী থকা এখন প্ৰাথমিক বিদ্যালয়। নাম কাচোমাৰী  প্ৰাথমিক বিদ্যালয়। দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত এই খন প্ৰাথমিক বিদ্যালয়ত প্ৰায় এশ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে পাঠদানৰ বাবে আছে কেৱল  তিনি গৰাকী শিক্ষক শিক্ষয়িত্ৰী । বিদ্যালয় খনত অহা  যোৱাৰ বাবে ৰাইজে নিৰ্মাণ কৰা একমাত্ৰ পথ চোৱাত  থকা নৈ খনত নাই কোনো বাঁহৰ সাকো কিম্বা দলং ।

সামান্য বৰষুনত নৈ খন ওপচি পৰাৰ ফলত কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ নামি আহিছে অন্ধকাৰ। নলা-নৰ্দমা নথকাত সামান্য বৰষুনতে পানী জমা হৈ পুখুৰী সদৃশ হৈ পৰে বিদ্যালয়ৰ চৌহদ । যাৰ ফলত বিগত দুই তিনি মাহ ধৰি ব্যাহত হৈ পৰিছে পাঠদান। সমস্যা জৰ্জৰ বিদ্যালয়খনৰ  ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ আৰু দ্বিতীয় পৰ্যায়ৰ গুনোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান শিক্ষক ৰমজান সৰকাৰ  আৰু  অভিভাৱক সকলে  কণ কণ ছাত্ৰ-ছাত্ৰীক কান্ধত তুলি আৰু কলগছৰ ভুঁৰেৰে পাৰ কৰি দিয়ে নৈ খন ।

সেয়ে  ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিহুদিয়া গাঁও-পঞ্চায়তৰ অন্তৰ্গত উক্ত কাচোমাৰী প্ৰাথমিক বিদ্যালয় সংযোগী পথত থকা নৈ খনৰ ওপৰত দলং নিৰ্মাণৰ  বাবে  শিক্ষক  তথা অঞ্চলটোৰ ৰাইজে দাবী জনাই বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্রাচাৰ্যৰ লগতে  স্থানীয় বিধায়ক ইলিয়াচ আলীক।