
বাঘবৰঃ খোৱাপানী নহয়, চকুপানীয়ে ৰুধিছে বন্যাৰ্তৰ জীৱন! ভোকৰ এমুঠি ভাতৰ বাবে হাহাকাৰ বন্যাৰ্তৰ মাজত৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বৰপেটা জিলাও বানৰ কবলত পৰিছে৷ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিত বাঢ়না পানীয়ে ছিঙি নিলে মৌৰীপামৰ পথৰ এটা অংশ।
যাৰ বাবে যাতায়াত ব্যাহত হৈ পৰিছে পথটোত ৷ আনহাতে বাঘবৰ-বহৰি সংযোগী মাথাউৰি যিকোনো মুহূৰ্তত ছিঙি নিয়াৰ সন্দেহত আতংকিত হৈ পৰিছে ৰাইজ।বেঁকী , ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বহু গাঁও বুৰাই পেলোৱাৰ ফলত ৰাইজ আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে।
ব্যৰ্থ প্ৰশাসনৰ এতিয়া বস্তাত মাটি ভৰাই প্ৰলয়ংকাৰী বানৰ কবলৰ পৰা মাথাউৰি ৰক্ষাৰ বৃথা চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। বানৰ কবলৰ পৰা সাৰি যোৱা নাই বাঘবৰ আৰক্ষী থানা, বিভিন্ন শিক্ষানুষ্ঠান, কাৰ্যালয়৷ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ পাছতো এই পৰ্যন্ত চৰকাৰে কোনো ধৰণৰ সাহায্য প্ৰদান কৰা নাই বুলি ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ৷