বাইহাটা চাৰিআলিঃ কামৰূপ আৰু দৰঙ জিলাৰ সীমান্তৱৰ্তী ঐতিহ্যমণ্ডিত সংহতি আৰু ভাতৃত্ববোধৰ বিৰল চানেকি ডাঙি ধৰিবলৈ সক্ষম হোৱা বালিকুছি সত্ৰ সভা অহা ৩ ফেব্ৰুৱাৰীৰপৰা ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব।

ইয়াকে লৈ কামৰূপ আৰু দৰং জিলাৰ যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত অৰ্জ্জুনদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত এখন সভা অনুস্থিত হয়। বিশিষ্ট শিক্ষাবিদ তথা সভা পৰিচালনা সমিতিৰ তদানীন্তন সভাপতি হৰেশ্বৰ ডেকাই পৌৰহিত্য কৰা সভাখনত আগন্তুক বালিকুছি সত্ৰ সভাৰ পৰিচালনা সমিতি গঠন কৰা হয়। 

নৰেশ্বৰ কলিতাক সভাপতি আৰু মঃ আফাজ আলিক উপ-সভাপতি, দিগন্ত ডেকাক সাধাৰণ সম্পাদক আৰু ভবেশ পটোৱাৰীক সহঃ সম্পাদক হিচাপে লৈ মূল সমিতিখন গঠন কৰাৰ লগতে দেওবাৰৰ সভাতে বাণিজ্যিক, সাংস্কৃতিক আৰু প্ৰচাৰ বিভাগসহ কেইবাখনো উপ-সমিতি গঠন কৰা হয়।

আজিৰ ৰাজহুৱা সভাৰ এক প্ৰস্তাৱমৰ্মে দৰঙ কামৰূপ সীমান্তৱৰ্তী পাতিদৰং মৌজাৰ অন্তৰ্গত আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালৰপৰা প্ৰচলিত বালিকুছি সত্ৰ সভা প্ৰতিটো অনুষ্ঠানত ৰাইজৰ সহায় সহযোগিতা নৱ-নিৰ্বাচিত সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে।