প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বাইহাটা চাৰিআলিঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ মাদক দ্ৰব্যৰ অত্যধিক প্ৰচলনে ধ্বংসৰ দিশে গতি কৰিছে একাংশ যুৱক৷ প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবে বৰবিহে এতিয়া ছানি ধৰিছে অসম৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিতো দীৰ্ঘদিনৰে পৰা মাদক দ্ৰব্যই ব্যাপক প্ৰচলন চলি থকাৰ পিছতো আবকাৰী বিভাগে ৰহস্যজনক ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

আবকাৰী বিভাগৰ লগতে আৰক্ষীয়ো ৰহস্যজনক ভূমিকা পালন কৰাৰ ফলত অঞ্চলটোত একাংশ যুৱক সুৰাৰ ৰাগিত মাতাল হৈ নিজৰ জীৱন তিল তিলকৈ ধ্বংস কৰিছে৷ ইজনৰ পিছত সিজনৰ চফল ডেকাই অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ এনে এক পৰিস্থিতিত অভিভাৱক সকল চিন্তিত হৈ পৰিছে৷ অলপতে একেটা পৰিয়ালৰ দুগৰাকী যুৱকে মৃত্যুক আকোৱালি লব লগা হয় কেৱল সুৰাৰ বাবে৷

বাইহাটা চাৰিআলিত মাথোঁ ৩৯ দিনৰ ভিতৰত তিনিজনকৈ চফল যুৱকৰ মৃত্যু হয়। এই সময়ছোৱাৰ ভিতৰত প্ৰতি ১৩ দিনৰ মূৰকত মাদক দ্ৰব্যই প্ৰাণ কাঢ়ি নিছে এজন এজনকৈ যুৱকৰ। ইমানৰ পিছতো আবকাৰী বিভাগ আৰু আৰক্ষীয়ে নীৰৱ হৈ আছে৷ চকটোৰ এটা পৰিয়ালৰ এজন চফল যুৱকৰ প্ৰায় ১৫ দিন পূৰ্বে মাদক দ্ৰব্য সেৱনৰ ফলত মৃত্যু হয়।

এই যুৱক জনৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়ালটোত এক শোকাকুল পৰিবেশ বিৰাজমান হৈ থকাৰ সময়তে মৃতকৰ কৰ্মৰ অন্তিম দিন অৰ্থাৎ দেওবাৰে নিশাৰ ভাগত ৩২ বছৰীয়া কণিষ্ঠ ভাতৃজনো এক কাৰণত ভয়াবহ ভাৱে অসুস্থ হৈ পৰে।

লগে লগে যুৱকজনক হস্পিতাললৈ নিয়া হয় যদিও তেওঁৰো মৃত্যু হয়। ইয়াৰ উপৰি যোৱা ৯ নৱেম্বৰৰ নিশাও ৰাধাকুছি নামৰ ঠাইত মদৰ ঘাটিতে আন এজন চফল যুৱকৰ মৃত্যু হৈছিল শুই থকা অৱস্থাত। একেদৰে মাদক দ্ৰব্য সেৱন কৰি ৮ দিন পূৰ্বে নিশা কাজিয়াৰ কবলত পৰা আন এজন ৩২ বছৰীয়া যুৱকৰ নিশাই শোৱাপাটীত মৃত্যু হৈছিল। বাস্তৱ ক্ষেত্রত অঞ্চলটোত বোমা বাৰুদকৈও ভয়াবহ ৰূপ ধাৰণ এই মাদক দ্ৰব্যৰ অবাধ আৰু অবৈধ প্ৰচলনে৷