
বাইহাটা চাৰিআলিঃ শিক্ষানুষ্ঠানৰ ভিতৰতে এগৰাকী যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ শুকুৰবাৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ কামৰূপ পলিটেকনিকত দিগন্ত কাকতি নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দিগন্ত কাকতি নামৰ যুৱক জনক মূৰত ঘপিয়াই ঘটনা স্থলীৰ পৰা পলায়ন কৰে ফৰাজ দেৱান নামৰ যুৱক জনে৷
জানিব পৰা মতে, বাইহাটা চাৰিআলি থানাৰ এলেকাৰ শিক্ষা প্ৰতিষ্ঠানখনত শুকুৰবাৰে ১৫ গৰাকী যুৱকক চতুৰ্থ বৰ্গৰ পদত অস্থায়ী নিযুক্তি প্ৰদান কৰে শিক্ষানুষ্ঠান প্ৰতিষ্ঠানে৷ বাইহাটা চাৰিআলিৰ আলিপুৱ গাঁৱৰ আফজাল দেৱানৰ পুত্ৰ ফৰাজ দেৱানে অস্থায়ী পদৰ চাকৰিৰ বাবে আবেদন কৰে৷ মুঠ ৩০টা বৰ্গৰ পদ থকা প্ৰতিষ্ঠান খনৰ প্ৰথম ১৫ জনৰ ভিতৰত নিজৰ নাম নথকাত ফৰাজ দেৱান ক্ষোভিত হৈ পৰে৷
বিয়লি একে গাঁৱৰ শৰৎ কাকতিৰ পুত্ৰ দিগন্ত কাকতিৰ সৈতে ফৰাজে প্ৰতিষ্ঠানৰ চৌহদত বাক বিতণ্ডা লাগে। তাৰ পিছতে দাৰে দিগন্ত কাকতি নামৰ যুৱক জনক মূৰত আক্ৰমণ কৰাৰ কৰাৰ অভিযোগ উত্থাপন কৰে দিগন্ত কাকতিৰ পৰিয়ালে। দিগন্ত কাকতিক বেজেৰা সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে একাংশ লোকে। বেজেৰা সামুহিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্ততঃ দিগন্তক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰে। ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷