বাইহাটা চাৰিআলিঃ নাৰীক সৱলীকৰণ, ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদানৰ উদ্দেশ্য তথা লক্ষ্য আগত ৰাখি সদ্য গঠিত নাৰীবাদী সংগঠন ডি এছ ক্ৰিয়েচনৰ উদ্যোগত ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে অহা ১১ জানুৱাৰী শুকুৰবাৰে মহানগৰীৰ মজাখোৱাস্থিত প্ৰাগজ্যোতি আই টি এ প্ৰকল্পত ফেশ্বন শ্ব'ৰ লগতে মহিলা সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

সেইদিনা এক মহান উদ্দেশ্য আগত ৰাখি "স্নেহালয় চেন্টাৰ ফৰ চাইল্ড ৰাইটাৰছ" সাহয্যাৰ্থে এক ফেশ্বন শ্ব' আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ অনুষ্ঠিত হ'ব। 

ইয়াৰ উপৰিও বিশ্ব বিখ্যাত ফেশ্বন ডিজাইনাৰ তথা মিছেছ ইণ্ডিয়া ইন্টাৰনেচনেলৰ মুখ্য উপদেষ্টা ৰশ্মি সাৰদা মৈত্ৰীয়ে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে। প্ৰতিযোগিতাখনি টিনেজ, মিছ আৰু মিছেছ এই তিনিটা শাখাত অনুষ্ঠিত কৰা হ'ব।

ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিযোগিতাৰ অডিচন ৰাউণ্ড আৰম্ভ কৰা হৈছে যাতে সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰিব পাৰি। 

এই প্ৰতিযোগিতাৰ আয়োজকবৃন্দই মিছেছ ৱেষ্ট এছিয়া ফেবুলাছ সন্মানৰে সন্মানিত অমৃতা দত্তক প্ৰতিযোগিতাখনৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ইতিমধ্যে নিযুক্তি প্ৰদান কৰিছে।

অডিচন ৰাউণ্ডৰ শেষত চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতাখন আগন্তুক ১১ জানুৱাৰী শুকুৰবাৰৰ সন্ধিয়া ৪ বজাৰপৰা আৰম্ভ হৈ সিদিনাই অনুস্থানৰ শেষত বিজয়ীসকলক বঁটা অৰু মান-পত্ৰ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিছে।