09
Jan
2019

বাইহাটা চাৰিআলিঃ সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম বন্ধৰ আহ্বান জনোৱাৰ পাছতে এইবাৰ ছাত্ৰ-ছাত্ৰীসকলে পোনপটীয়াকৈ উক্ত আন্দোলনত জঁপিয়াই পৰিবলৈ যো-জা চলোৱাৰ ইংগিত পোৱা গৈছে। এই ক্ষেত্ৰত আগভাগ লৈছে বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ে৷
মঙলবাৰে বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পাছতে পূব কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাই অনিৰ্দিষ্টকালীন শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে।
এক বিবৃতিযোগে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি হৰ জ্যোতি বুদ্ধই কয় যে বুধবাৰৰপৰা এই শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।