বাইহাটা চাৰিআলিঃ ছ'চাইটী ফ্ৰম প্ৰমোচন অফ ইডুকেচন এণ্ড ইকনমিক ডেভেল'পমেন্ট নামৰ এটি স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত দেওবাৰে বিহদিয়া বৰপানাৰাত স্বচ্চ ভাৰত অভিযান ৰূপায়ণ কৰা হয়।

কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ণ খণ্ডৰ অন্তৰ্গত তথা বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বিহদিয়া বৰপানাৰা অঞ্চলত এই অভিযানটো মুকলি কৰি ইয়াৰ অংশ হিচাপে উল্লেখিত গাঁওসমূহৰ বাট-পথত চাফাই অভিযান ৰূপায়ণ কৰে।

গুৱাহাটীস্থিত উক্ত স্বেচ্চাসেৱী সংগঠনটোৱে গ্ৰাম্যঞ্চলত ৰূপায়ণ কৰা এই স্বচ্চ অভিযানটোত স্থানীয় ৰাইজ ছাত্ৰ-ছাত্ৰীসকলে অঞ্চলটোৰ বাট-পথ আদি চাফাই কৰাৰ উপৰিও ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাৰগোপাল গৰখীয়া দৌল থানলৈ যোৱা ২নং পথটিটো স্বচ্চ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে স্বেচ্চাসেৱী সংগঠনটোৰ হৈ প্ৰতিনিধিত্ব কৰা সংগীত শিল্পী অজিত কুমাৰ বৰুৱাই এই স্বচ্চ অভিযান কাৰ্যসূচীটো গ্ৰাম্যঞ্চলৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা হ'ব বুলিও জনায়।