
বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত দালাঙ গাঁৱৰ বালাচুবা নিবাসী একালৰ কৃতি শিক্ষক তথা বিশিষ্ট সমাজসেৱী স্বৰ্গীয় বলেন্দ্ৰ কুমাৰ নাথৰ পত্নী পাৰ্বতী নাথৰ মঙলবাৰে পুৱতি নিশা তিনিবাজি ত্ৰিশ মিনিটত স্বগৃহত পৰলোকপ্ৰাপ্তি ঘটে৷
বিগত অক্টোবৰ মাহৰ ২১ তাৰিখে সন্ধিয়া সাত বাজি ত্ৰিশ মিনিটত নিজ গৃহত হঠাতে ষ্ট্ৰোকত আক্ৰান্ত হোৱাত ততালিকে তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তাৰ পাছৰেপৰা সুদীৰ্ঘ দুমাহৰো অধিক কাল শয্যাশায়ী হৈ থকাৰ অন্তত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে৷
সৰবৰহী, ধৰ্মপৰায়ণা, মৃদুভাষী, সদাহাস্যময়ী তথা বিনয়ী স্বভাৱৰ মহিলাগৰাকী বৃহত্তৰ দালাঙ গাঁৱৰ সকলোৰে প্ৰিয় আছিল৷ দালাং শিৱ মন্দিৰৰ লগতে গাঁওখনৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ স'তে ওতপোতভাৱে জড়িত নাথ এগৰাকী ভাল নামতীও আছিল৷
তেওঁৰ মৃতদেহ শ্মশানলৈ নিয়াৰ পূৰ্বে দালাং শিৱমন্দিৰলৈ নিয়া হয় আৰু অগনন লোকে মৃতদেহত পুষ্পমাল্য অৰ্পণ কৰি অন্তিম শ্ৰদ্ধা নিবেদন কৰে৷ পাছত বহুসংখ্যক লোকৰ উপস্থিতিত পৰিয়ালৰ ব্যক্তিগত শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ চাৰি পুত্ৰ-বোৱাৰী, তিনি কন্যা তথা জোঁৱাই সমন্বিতে বহুকেইগৰাকী নাতি-নাতিনী তথা আত্মীয়-স্বজন এৰি থৈ যোৱা নাথৰ মৃত্যুৰ সময়ত বয়স হৈছিল প্ৰায় ৭৮ বছৰ৷