বাইহাটা চাৰিআলিঃ  অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু প্ৰয়াত মুক্তিযুঁজাৰু কৃষ্ণকান্ত শৰ্মাৰ পৰিয়ালবৰ্গৰ সহযোগত সদৌ অসম ভিত্তিত আয়োজন কৰা "১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত কামৰূপ জিলাৰ অবদান" শীৰ্ষক প্ৰবন্ধ  প্ৰতিযোগিতাত ১ম স্থান লাভ কৰে ধুবুৰী জিলাৰ গৌৰীপুৰৰ অঞ্জলি শৰ্মাই, ২য় স্থান লাভ কৰে দৰং জিলাৰ নলিনী দেৱী বৰুৱাই, ৩য় স্থান লাভ কৰে কামৰূপ জিলাৰ পাত্রপুৰৰ জয়নুৰ আলীয়ে আৰু নিচুকনি বঁটা লাভ কৰে কামৰূপ জিলাৰ গুৱাহাটীৰ ৰবেন্দ্ৰ কুমাৰ দাস আৰু কেন্দুৱাৰ মনিষা শৰ্মাই।

বঁটা প্ৰাপক সকলক ১৭মাৰ্চ তাৰিখে অনুষ্ঠিতব্য প্ৰয়াত শৰ্মাৰ জন্মশতবৰ্ষৰ সামৰণি অনুষ্ঠানত বঁটা প্ৰদান কৰা হব বুলি শতবৰ্ষ উদযাপন সমিতিৰ সম্পাদক মোহিনী মোহন শৰ্মাই জনাইছে।