খৈৰাবাৰীঃ ওদালগুৰিৰ ভেৰগাওঁ মহকুমাৰ চেউনী কাকাৰামাৰী বায়খো উদ্যানত ৰাভা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ভেৰগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা জাতীয় পৰিষদ, ৰাভা সাহিত্য সভা, ৰাভা মহিলা পৰিষদ আৰু বায়খো উদ্যান পৰিচালনা সমিতি যৌথ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো পঞ্চদশ বাৰ্ষিক ওদালগুৰি জিলা বায়খো উৎসৱ পালন কৰে ৰাভা জনগোষ্ঠীয় লোকসকলে।

ৰাভা জনগোষ্ঠীয় পৰম্পৰাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত বায়খো উৎসৱৰ ৰাভা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ উন্মোচন কৰে আৰছুৰ সাংগঠনিক সম্পাদক জয়ন্ত ৰাভাই।

ওদালগুৰিৰ ভেৰগাওঁ মহকুমাৰ চেউনী কাকাৰামাৰী বায়খো উদ্যানত অনুষ্ঠিত বায়খো উৎসৱৰ লগতে ৰাভা লোকসকলৰ বহুৰঙী কৃষ্টি, ৰাভা কৃষ্টি, ৰাভা আধুনিক নৃত্য আৰু ৰাভা আধুনিক গীত প্ৰতিযোগীতা অনুষ্ঠিত হয়। শনিবাৰে নিশা লৈকে এক উৎসৱ মুখৰ পৰিবেশেৰ মাজত বায়খো উৎসৱটি অনুষ্ঠিত হয়৷