
ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই জোধপুৰ আদালতে জামিনত মুক্তি দিলে বলিউডৰ চুপাৰষ্টাৰ ছলমান খানক৷ ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত দ্বিতীয়টো নিশা কটােৱাৰ অন্তত শনিবাৰে মুকলি আকাশৰ তললৈ ওলাই আহিব বলিউডৰ চল্লু ভাই৷
Salman Khan granted bail by Jodhpur Court in #BlackBuckPoachingCase pic.twitter.com/SvtyQk1RxY
— ANI (@ANI) April 7, 2018
জোধপুৰ চেচন আদালতত উভয় পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত জামিন সন্দৰ্ভত এই সিদ্ধান্ত লয় ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে। ৰায় ঘোষণাৰ পূৰ্বে ছলমানৰ ভগ্নী আলবিৰা আৰু অৰ্পিতা আদালতত উপস্থিত হয়৷
সন্ধিয়াৰ পূৰ্বেই জেলৰ পৰা ওলাই অহাৰ সম্ভৱনা আছে৷ আনহাতে বিদেশ ভ্ৰমণ সন্দৰ্ভত আগতীয়া অনুমতি লব লাগিব ছলমানে৷অধিবক্তাই শুকুৰবাৰে জোধপুৰ চেচন আদালতত জামিন আৱেদন দাখিল কৰিছিল যদিও জামিনৰ ৰায় এদিনৰ বাবে স্থগিত ৰখা হৈছিল৷
শনিবাৰে পুৱা ৯.৩০ বজাত ৰাজস্থানৰ জোধপুৰ জিলা-চেচন আদালতৰ ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশী আদালতত উপস্থিত হয়৷ কিছুসময় পাছতেই উপস্থিত হয় ছলমান খানৰ অধিবক্তা হাষ্টিমল শ্বৰচৱাতে৷ জামিন আৱেদনৰ শুনানি শুকুৰবাৰে অনুষ্ঠিত হৈ গৈছিল বাবে কেৱল ছলমান খানৰ জামিনৰ ৰায় ঘোষণা কৰি জামিনত মুক্তি দিয়ে ন্যায়াধীশ ৰবীন্দ্ৰ কুমাৰ যোশীয়ে৷
ছলমানৰ অধিবক্তা হাষ্টিমল শ্বৰচৱাতে শনিবাৰে জামিনৰ ৰায়ৰ শুনানিৰ অন্তত আদালতৰ পৰা ওলাই আহি আমি আমাৰ যুক্তি ৰাখিলো এতিয়া জামিনৰ ৰায় দিব ন্যায়াধীশে৷ দুপৰীয়াৰ আহাৰৰ গ্ৰহণৰ পাছত ৰায় ঘোষণা কৰিব জোধপুৰ আদালতে বুলি মন্তব্য আগবঢ়াইছিল৷
আনহাতে আদালত বাহিৰত ছলমান অধিবক্তাই জামিনৰ সকলো চৰ্ত ছলমানে মানি লোৱা বুলি কয়৷ জোধপুৰৰ আদালত বাহিৰত ছলমানৰ ফেন প্লেকাৰ্ড লৈ থিয় হৈ থকা দেখা যায়৷
০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷
জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে পৰিচিত হয় ছলমান খান৷ আনহাতে জেলৰ ২ নং ৱাৰ্ডত আছিল ছলমানে৷ যিটো ৱাৰ্ডত কেইবাগৰাকী প্ৰভাৱশালী লোক কাৰাবাস খাটি আছিল৷
যোৱা ০৫ এপ্ৰিলত জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলমানক৷