
ৰঙিয়াঃ সমগ্ৰ দেশত গো ৰক্ষাৰ নামত বজৰং দলে মাৰপিট অব্যাহত ৰখাৰ সময়তে সংগঠনটোৰ এগৰাকী ৰাষ্ট্ৰীয় নেতাক আজি সংগঠনটোৰে একাংশ প্ৰাক্তন সতীৰ্থই প্ৰহাৰ কৰাত কামৰূপৰ ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে, ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা মনোজ চাহুক আজি পুৱাই একাংশ বজৰঙৰ পৰা বহিস্কৃত নেতাই আক্ৰমণ কৰে৷
যোৱা কিছুদিন ধৰি সংগঠনৰ কামত আহি ৰঙিয়াত বাহৰ পাতি থকা মনোজ চাহুক আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াত৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে বজৰং দলৰ ৰঙিয়া শাখাই কেইজনমান নেতাক দলৰ পৰা বহিস্কাৰ কৰে৷ বহিস্কাৰ কৰাৰ পাছৰে পৰা দুটা ফৈদত বিভক্ত হয় সংগঠনটো৷
ৰঙিয়াত সংগঠনৰ কামত প্ৰায়ে আহি বাহৰ পাতি থকা মনোজ চাহুক বহিস্কাৰৰ বাবে দোষাৰোপ কৰি আজি পুৱাই মাৰধৰ কৰে বহিস্কৃত নেতাকেইজনে। মাৰ-ধৰ কৰাৰ পাছতে বজৰং দলৰ একাংশ কৰ্মীয়ে ৰঙিয়া থানাত উপস্থিত হৈ এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰি মনোজ চাহুক আক্ৰমণত জড়িত বহিস্কৃত বজৰং দলৰ সদস্যক আটক কৰাৰ দাবী জনায়।
সেই সময়তে সংবাদ সংগ্ৰহৰ বাবে উপস্থিত হোৱা সাংবাদিককো উদণ্ড বজৰং দলৰ কৰ্মীয়ে আক্ৰমণ কৰি কেমেৰা ভাঙিবলৈ চেষ্টা চলায়৷। ইয়াৰ পিছতে বজৰং দলৰ সদস্যসকলে থানা চৌহদৰ পৰা হাতে হাতে তৰোৱাল লৈ ৰঙিয়া চহৰৰ ছচাইটি চ’কত উপস্থিত হৈ তাণ্ডৱ চলায়।
সদস্যসকলে ৰাজপথৰ বাহনৰ ক্ষতিসাধন কৰাৰ লগতে ব্যাৱসায়িক প্ৰতিষ্ঠান লণ্ড-ভণ্ড কৰে। আনকি বজৰং দলৰ আক্ৰমণৰ পৰা মহিলাও সাৰি নগ'ল বুলি অভিযোগ উত্থাপিত হৈছে। পিছত আৰক্ষী-চিআৰপিএফৰ জোৱানৰ দল ঘটনাস্থলীত উপস্থিত হোৱাত পলায়ন কৰে উদণ্ড বজৰঙৰ সদস্যসকল।
উদণ্ড যুৱকসকলে ৰঙিয়া মুৰৰা চকৰ হিমাংশু কাকতিৰ গ্ৰীলৰ দোকান, অনুপ কুমাৰ কলিতাৰ গাড়ীত আক্ৰমণ চলাই লণ্ড-ভণ্ড কৰে৷ বিকি লহকৰ আৰু মনি কাকতীৰ গৃহত আক্ৰমণ চলাই টিভি, পালেং আদি লণ্ড-ভণ্ড কৰে উদণ্ড যুৱকৰ দলটোৱে।
যুৱকৰ দলটোৱে জীয়ৰী-বোৱাৰীকো অভদ্ৰ আচৰণ কৰে। ৰঙিয়া মুৰৰাত সংঘটিত এনে ঘটনাক নিন্দা কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া আঞ্চলিক সমিতিয়ে। সংগঠনটোৰ সভাপতি নৱজ্যোতি কলিতা আৰু সম্পাদক ৰূপম কলিতাই ৰঙিয়া আৰক্ষীৰ চূড়ান্ত হেমাহিৰ বাবে উদণ্ড যুৱকে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰে৷