
তামুলপুৰঃ বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত সোমবাৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ৫১ সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰা হয়। গৌজোন ফৌথাৰ(সমন্বয় ক্ষেত্ৰ)ত অনুষ্ঠিত কেন্দ্ৰীয় অধিৱেশনত আজি উদুলি মুদুলি পৰিবেশ।
পুৱা তামুলপুৰ মুহকুমাধিপতি সুজিত বাগলাৰীয়ে মুখ্যদ্বাৰ উন্মোচন কৰা অধিৱেশনত লোকেলোকাৰণ্য হৈ পৰিছে বড়ো যুৱক যুৱতীৰে। এহেজাৰ বৰ্গফুট মাটিকালিত প্ৰদৰ্শনী, গ্ৰন্থমেলা, জনগোষ্ঠীয় বস্ত্ৰমেলা, বাণিজ্য মেলা আৰু বিভিন্ন জনগোষ্ঠীয় খাদ্যমেলা অনুষ্ঠিত হ’ব এই অধিবেশনত।
আনহাতে, পুৱাৰ ভাগত প্ৰয়াত উপেন্দ্ৰ নাথ বহ্মৰ প্ৰতিমুৰ্তিত শ্ৰদ্বাঞ্জলি অৰ্পণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য তেওঁ সংগ্ৰামী সত্তাৰ ওপৰত বক্তব্য আগবঢ়ায়।
ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰপৰা বিশেষকৈ দিল্লী, চণ্ডীগড়, পশ্চিম বঙ্গ, মহাৰাষ্ট্ৰ, ত্ৰিপুৰা আদিৰ লগতে নেপাল, বাংলাদেশ আৰু ভূটানৰ পৰাও প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিব এই অধিবেশনত৷ এই অধিৱেশনতে ভাৰতৰ ক্ষুদ্ৰৰাজ্য দাবী সমিতি (এন এফ এন এচ) ৰো এখন কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হ’ব। উল্লেখ্য যে, এবছুৰ এই অধিবেশনৰ পিচতে হয়তো পৃথক বডোলেণ্ডৰ দাবী অধিক তীব্ৰতৰ হৈ উঠিব ।