
বাক্সাঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত তথা নাগ্ৰীজুলি আৰক্ষী চকীৰ ১ নং দোঙাৰগাঁওত বুধবাৰে নিশা বন্য হস্তীৰ আক্ৰমণত এজন চাৰি বছৰীয়া কন্যা শিশুৰ মৃত্যু ঘটে।
মৃত্যু হোৱা শিশু গৰাকী হৈছে ৰঞ্জিত পাঠকৰ কন্যা মল্লিকা পাঠক। অঞ্চলটোত দীৰ্ঘদিনে চলি অহা হাতীৰ উপদ্ৰৱে এতিয়া অঞ্চলবাসীৰ নিদ্ৰা হৰণ কৰাৰ লগতে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। বনাঞ্চলৰপৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত দৈনিক সীমান্তৱৰ্তী গাঁৱত এতিয়া বন্য হস্তীৰ বিচৰণ চলিছে।
ঘটনাৰ বিৱৰণী মতে অঞ্চলটোত লাডেন নামেৰে খ্যাত হাতী এটাই উপদ্ৰৱ চলাই অঞ্চলটো কেইবাটাও পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰে। হাতীটোৱে ৰঞ্জিত পাঠকৰ দুটা বাসগৃহত আক্ৰমণ চলোৱাত পৰিয়ালৰ লোকে ঘৰটোৰপৰা পলাবলৈ চেষ্টা কৰে। তেতিয়া ৰঞ্জিত পাঠকৰ পত্নী লতা পাঠকে নিজৰ কন্যা সন্তান মল্লিকাক কোলাত লৈ পলাবলৈ চেষ্টা কৰে যদিও লাডেন নামৰ হাতীটোৱে মাকৰ কোলাৰপৰা শুঁৰেৰে টানি আনি গচকী হত্যা কৰে কণমানিজনীক।
ইপিনে, হাতীটোৱে শিশুটিক মাকৰ কোলাৰপৰা টানি আনি মাক লতাক খুন্দা মৰাৰ ফলত গৰ্ভৱতী মাক জনীও আহত হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত নাগ্ৰিজুলি আৰক্ষী চকীৰ এটা দল উপস্থিত হয় আৰু শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰিজুলি আৰক্ষী চকীলৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।