গোৰেশ্বৰঃ চৰকাৰৰ ভুল নীতিৰ বলি হৈ এজনৰ পিছত এজন ভেন্সাৰ শিক্ষকে বিনা বেতনে অৱসৰ গ্ৰহণ কৰা, বিনা চিকিৎসাই মৃত্যুবৰণ কৰা নতুবা আত্মহত্যা কৰা আদি হৃদয়বিদাৰক ঘটনা ঘটিয়েই  আছে। শিক্ষকতা দৰে মহান বৃত্তিত ওৰেটো জীৱন জৰিত থাকি ছাত্ৰ- ছাত্ৰীৰ জীৱন গঢ়ি নিজৰ জীৱন অন্ধকাৰচ্ছন্ন কৰা আন এজন ভেন্সাৰ শিক্ষকে আজি বিদায় ল'লে চাকৰি জীৱনৰ পৰা। বাগচা জিলাৰ গোৰেশ্বৰ অঞ্চলৰ উত্তৰ কামৰূপ আদৰ্শ হাইস্কুল প্ৰধান শিক্ষক ৰমেন্দ্ৰ চন্দ্ৰ সৰকাৰ। 

১৯৮৭ চনৰ পৰা সুদীৰ্ঘ ২৯ বছৰ শিক্ষকতা কৰাৰ পিছত যোৱা ৩১ অক্টাবৰত চাকৰি জীৱনৰ ওৰ পৰে ৰমেন্দ্ৰ নাথ চৰকাৰৰ। আজি ৩০ নবেম্বৰত আনুষ্ঠানিকভাৱে প্ৰধান শিক্ষকগৰাকীক বিদায় সম্ভাষণ জনোৱা হয়।

উত্তৰ কামৰূপ আদৰ্শ হাইস্কুল আৰু উত্তৰ কামৰূপ আদৰ্শ মজলীয়া বিদ্যালয় লগতে স্থানীয় কেবাখনো গাঁৱৰ ৰাইজে আনুষ্ঠানিকভাৱে বিদায় জনায় প্ৰধান শিক্ষকজনক। ১৯৮৭ চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনে ২০০৪ চনত চৰকাৰীভাৱে বিভাগীয় অনুমোদন লাভ কৰিছিল যদিও আজিলৈ প্ৰাদেশিকীকৰণ হৈ নুঠিল। যাৰ ফলত শিক্ষক-কৰ্মচাৰী সকলৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে আজি প্ৰধান শিক্ষক গৰাকীয়ে সুদা-হাতে বিদায় ল'ব লগীয়া হয়। বিদ্যালয় পৰিচালনা সমিতিৰ লগতে প্ৰাক্তন ছাত্ৰ -ছাত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু ৰাইজে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনালে প্ৰধান শিক্ষকজনক। 

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেণ বৰুৱাৰ পৌৰহিত্যত এখনি বিদায় সভা অনুষ্ঠিত হয়। সভাত বেতনা কাউৰবাহা হাইস্কুলৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক চাহনুৰ হাজৰিকাই ভেন্সাৰ শিক্ষক-কৰ্মচাৰী সকলে কিদৰে অনিচ্ছা স্বত্তেও আন-আন বৃত্তিত জড়িত হৈ বিড়ম্বনাৰে জীৱন অতিবাহিত কৰিব লগা হোৱা বিষয়ে অৱগত কৰে। সভাত ছিল্কীঝাৰ এমভি স্কুলৰ প্ৰধান শিক্ষক ধীৰেন বৰুৱাই চৰকাৰৰ শিক্ষা ব্যৱস্থাৰ ভুল নীতিৰ লগতে শিক্ষা বিভাগৰ ফোপোলাৰ স্বৰূপ দাঙি ধৰে। তেওঁ কয় যে চৰকাৰে অতি কৌশল পূৰ্ণভাৱে চৰকাৰী বিদ্যালয় বন্ধ কৰিব বিচাৰিছে। সভাত বেতনা কাউৰবাহা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীন দাসে কয় যে চৰকাৰী ভুল নীতিৰ বাবে ভেন্সাৰ শিক্ষক কৰ্মচাৰী সকলে নিজৰ জীৱন-যৌবন হেৰুৱাব লগা হৈছে। চৰকাৰৰ এই অমনোযোগিতাৰ উচিত শিক্ষা ৰাইজে দিব বুলি মত প্ৰকাশ কৰে। 

বিদায়ী শিক্ষক ৰমেন্দ্ৰ নাথ সৰকাৰক উত্তৰ কামৰূপ মজলীয়া বিদ্যালয়ৰ পৰা এখন চাইকেল, শৰাই, কিতাপৰ টোপোলা, জাপি গামোচা, মানপত্ৰ লগতে হাইস্কুলৰ পৰা নগদ ধন, মানপত্ৰ শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আউৰীয়াপাৰা, ফহুৰাবাৰী, জাৰমালা চুবুৰীৰ পৰাও ৰাইজে ফুলাম গামোচা আৰু নগদ ধনৰে সম্বৰ্ধনা। প্ৰাক্তন ছাত্ৰ- ছাত্ৰী সকলেও নিজা ববীয়াকৈ সম্বৰ্ধনা কৰে বিদায়ী প্ৰধান শিক্ষকগৰাকীক। 

সভাত আদৰ্শ জাতীয় বিদ্যালয় গোৰেশ্বৰৰ প্ৰধান শিক্ষক মানৱ চহৰীয়া, টংঙাবাৰী এলপি স্কুলৰ প্ৰধান শিক্ষক গজেন বসুমতাৰী, বৰফুলচ'কী গাওঁৰ গাওঁবুঢ়া দেবেন্দ্ৰ নাথ ডেকা আৰু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাৰ অন্তত ছাত্ৰ ছাত্ৰী, শিক্ষক-কৰ্মচাৰী আৰু ৰাইজে তেওঁক গোৰেশ্বৰৰ বটীয়ামাৰী স্থিত নিজ গৃহলৈ শোভাযাত্ৰা কৰি লৈ আহে।