জালাহঃ বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত চহোগুৰিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা এটা গঁড়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে৷ জিলাখনৰ চহোগুৰিত গৰু এৰাল দিবলৈ যোৱা লোকে গঁড়টো দেখাৰ লগে লগে খবৰটো ৰাজ্য সমগ্ৰ অঞ্চলটোতে হৈ চৈৰ সৃষ্টি হয়৷ 

পিছত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত শিমলা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক খবৰ দিয়ে৷ বন বিভাগ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰীৰ লগতে মানাহ আগ্ৰাং ছ’ছাইটি আৰু মানাহ মাউজী গেন্দ্ৰী ইক’ট্যুৰিজিম ছ’ছাইটি নামৰ স্বেচ্ছাসেবী সংগঠনৰ সদস্যসকল ঘটনাস্থলীত উপস্থিত হৈ গঁড়টো চহোগুৰিৰপৰা বেতবাৰী, বড়ো বজাৰ, আগ্ৰাং হৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগলৈ খেদি নিয়ে।

বন বিভাগে গঁড়টো খেদি নিয়াৰ বাবে বোমা ফুটোৱাৰ উপৰি শূন্যলৈ গুলিও চলাবলগীয়াত পৰে৷ ইফালে, গঁড় চাবলৈ লোকে লোকাৰণ্য হৈ পৰে সমগ্ৰ অঞ্চলটো৷ ফলত গঁড়টো বনাঞ্চললৈ খেদি নিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কৰ্ত্তৃপক্ষই।