নলবাৰীঃ বৃহস্পতিবাৰে নলবাৰীৰ বালীকৰিয়া বাসুদেৱ হাইস্কুল প্ৰাংগনত নলবাৰীৰ বৰ্ণিল নৃত্যানুষ্ঠানৰ উদ্যোগত মধুমেহ-কৰ্কট ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায়৷ বৰ্ণিল নৃত্যানুষ্ঠানৰ সভানেত্ৰী ৰুবী মহন্ত আৰু সম্পাদক অংকুৰ শৰ্মাই আতঁধৰা শিবিৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধীক্ষক ৰমেন তালুকদাৰ নেতৃত্বত এটা চিকিৎসকৰ দলে মধুমেহ ৰোগৰ চিকিৎসা প্ৰদান কৰাৰ লগতে অনুষ্ঠানৰ আদিতে কৰ্কট ৰোগ সন্দৰ্ভত বৃস্তিত ভাবে বাখ্যা কৰে।

শিবিৰত বৰাপানীৰ কেন্সাৰ ইনষ্টিটিউটৰ সঞ্চালক গনেশ তামূলী, ডাঃ উমেশ চক্ৰৱৰ্ত্তীয়ে ভাষণ আগবঢ়ায়। শিবিৰ নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই উদ্বোধন কৰে। বিধায়ক শৰ্মাই বৰ্ণিল নৃত্যানুষ্ঠানৰ পদক্ষেপক আদৰণী জনায়৷ শিবিৰত শাসকীয় বিজেপি দলৰ নলবাৰী টাউন মণ্ডলৰ সভাপতি জয়ন্ত বুজৰবৰুৱা,  বিশিষ্ট ক্ৰীড়া সংগঠক হেমেন্দ্ৰ মহন্ত সহ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।