
নলবাৰীঃ নলবাৰী জিলাৰ পূৱ দিশৰ ঐতিহ্য মণ্ডিত বালিলেছা দেৱালয়ৰ এখন আঁচনিৰ আধাৰশিলাক লৈ দেৱালয় সমিতিয়ে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা আৰু বিজেপিৰ যুৱ নেতা নিতুল ডেকাৰ বিৰুদ্ধে এক গভীৰ অভিযোগে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে দেৱালয় পৰিচালনা সমিতিৰ সভাপতি অজিত মহন্ত, কাৰ্যকৰী সভাপতি তৰুণ সেন ডেকা, স্থানীয় ব্যক্তি সুশিল কুমাৰ দাস সহ এটা মহলে লগ হৈ নলবাৰীত এখন সংবাদ মেলত বিধায়ক আৰু বিজেপি নেতা গৰাকীৰ বিৰুদ্ধে মন্তব্য দি বৃহত্তৰ বালিলেছাবাসীক লজ্জিত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।
৪৫ গৰাকী বালিলেছাবাসীৰ স্বাক্ষৰ সম্বলিত এক অভিযোগ পত্ৰৰ যোগেদি বালিলেছাবাসীয়ে বিধায়ক অশোক কুমাৰ শৰ্মাৰ ওপৰত কৰা অভিযোগ খণ্ডন কৰি কয় যে- এয়া নিজস্ব বক্তব্য। কিয়নো দেৱালয় সংবাদ মেল আয়োজন কৰা লোক সকলে সংবাদ মেলৰ বিষয়টোৰ দেৱালয়ৰ পৰিচালনা সমিতিৰ কোনো অনুমতি লোৱা হোৱা নাই । এচাম ৰাজনৈতিক লোকৰ বক্তব্য পৰিচালনা সমিতিৰ বা বালিলেছা গাঁওবাসীৰ বক্তব্য নহয় বুলি উল্লেখ কৰে। তেওঁলোকৰ এনে কাৰ্যক বালিলেছাবাসীয়ে গৰিহণা দিয়ে আৰু বিধায়ক হিচাপে বিধায়কৰ ওচৰত ক্ষমা বিছাৰে৷
জানিব পৰা মতে, বালিলেছা কালী দেৱালয় প্ৰাংগনত যাত্ৰী জিৰণী চ'ৰা নিৰ্মাণৰ বাবে চৰকাৰী ধন অনুমোদন নোহোৱাকৈ দেৱালয় সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতিৰ লগতে কেইজনমান ব্যক্তিয়ে ১৯ ছেপ্টেম্বৰত গাওঁবাসী আৰু নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়াৰ কোনো অনুমতি নোলোৱাকৈ আঁচনিখনৰ আধাৰশিলা স্থাপনৰ যো-জা কৰে।
আধাৰশিলা স্থাপনৰ নামফলকত কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাৰ অনুমতি নোলোৱাকৈ তেঁখেতৰ নাম লিপিবদ্ধ কৰা খবৰ জানিব পাৰি লগে লগে দেৱালয়ত উপস্থিত হৈ বিষয়া গৰাকীয়ে দেৱালয় পৰিচালনা সমিতিক গৰিহণা দিয়ে আৰু ফলক খন আতঁৰাই দিয়ে।
আনহাতে কৃষ্ণা বৰুৱাই দেৱালয় সমিতিক অৱগত কৰে যে এই নামফলক আঁতৰ কৰাৰ ক্ষেত্ৰত বিধায়ক কোনো কাৰণতে জগৰীয়া নহয়৷ আঁচনি খনৰ অনুমোদন লাভ নকৰাকৈ আধাৰশিলা স্থাপন কৰাটো নীতি বৰ্হিভূত বাবে হে আঁতৰোৱা হৈছিল বুলিও প্ৰকাশ কৰে কাৰ্যবাহী বিষয়াগৰাকীয়ে।
ইয়াৰ পাছতো ৰাজনৈতিক আশীৰ্বাদপুষ্ট ব্যক্তি তথা দেৱালয় পৰিচালনা সমিতিৰ উল্লিখিত ব্যক্তি কেইজনে বিধায়ক অশোক কুমাৰ শৰ্মা আৰু নলবাৰী জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিতুল ডেকাৰ বিৰুদ্ধে সংবাদ মেল পাতি অভিযোগ কৰে। যাৰ কোনো ভিত্তি নাই বুলি পত্ৰত প্ৰকাশ। এই ক্ষেত্ৰত বালিলেছাৰ একাংশই বিধায়ক, বিজেপি নেতা গৰাকীৰ ওচৰত ক্ষমা বিচাৰে আৰু আগন্তুক সময়ত দেৱালয় উন্নয়নৰ বাবে বিধায়কৰ সহযোগ বিচাৰে।
আনহাতে সংবাদ মেলত দেৱালয় পৰিচালনা সমিতিৰ পূৰ্বৰ সম্পাদক প্ৰভাত ডেকাৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰে পৰিচালানা সমিতিয়ে। এই বিষয়টোৱে সমষ্টিটোৰ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷