
newsnextone.com | তেজপুৰঃ বনৰীয়া হাতীৰ আতংকৰ বাবে নিদ্ৰা ভংগ হয় শোণিতপুৰ জিলাৰ বালিপৰাৰ হাজাৰ হাজাৰ লোকৰ। প্ৰতিদিনে হাতীৰ জাকে জংঘলৰ পৰা ওলাই আহি তাণ্ডৱ চলাই। ধান খাই, ঘৰ ভাঙে।
শোণিতপুৰ জিলাৰ বালিপৰা অঞ্চলত হাতী মানুহৰ সংঘাতে চৰম সীমা অতিক্ৰম কৰাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আবেগিক হৈ বিভিন্ন সময়ত ৰাইজে চৰকাৰ আৰু বন বিভাগৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰে আহিছে। ইমানে নহয় যিসকলে আমাক পৰিৱৰ্তনৰ সপোণ দেখুৱাই গাদী দখল কৰিলে তেওঁলোক এতিয়া ভিআইপি হ'ল বুলি ক্ষোভ উজাৰে ৰাইজে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় থকাৰ লগতে পুনৰ বনৰীয়া হাতীয়ে তাণ্ডৱ চলালে বালিপৰাত৷ বালিপৰাৰ মোলানগাঁৱত দেওবাৰে নিশা জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি, ভঁৰালৰ ধান খাই অনিষ্ট কৰে৷ বন বিভাগে খবৰ লাভ কৰাৰ পিছতো ঘটনাস্থলিত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷
শোণিতপুৰৰ বালিপৰাৰ মোলানগাঁৱ চমা মুণ্ডা, ডম্বৰ নেৱাৰ, মালি মুণ্ডা অাৰু টংকেশ্বৰ তাঁতিৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে চমা মুণ্ডা অাৰু মালি মুণ্ডাৰ ধানৰ ভঁড়াল ভাঙি ধান খায় অনিষ্ট কৰে। ৰাইজে কোনোমতে হাতীটোক খেদি পঠিয়াবলৈ সক্ষম হয়। বালিপৰা এলেকাত দুদিনৰ মূৰে মূৰে বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই যদিও বনবিভাগে হাতী খেদিবলৈ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।
কেৱল এয়াই নহয় প্ৰতিবছৰে হাতীৰ জাকে বিঘাই বিগাই ধান খেতিৰো বিস্তৰ ক্ষতি সাধন কৰে৷ ফলত মূৰে কপালে হাত দিবলগীয়া হয় কৃষকসকলে৷ ইফালে হাতীৰ উপদ্ৰপ ৰোধ কৰাৰ বাবে বন বিভাগক অৱগত কৰাৰ পাছতো কান সাৰ নিদিয়ে বিয়াগোম বন বিভাগে৷ ফলত ৰাইজে জুই জ্বলাই হাতীৰ জাক খেদিবলৈ চেষ্টা চলাই৷ অঞ্চলটোত হাতীৰ তাণ্ডৱ অব্যাহত থকাত আতংকিত হৈ নিশাৰ ভাগত গঞাই উজাগৰে কটাব লগীয়া হৈছে৷