
তেজপুৰ টাউনঃ উজনি-নামনিৰ হাজাৰ হাজাৰ কৃষকৰ খেতি পথাৰ কেইবাটাও বানে ধুই নিয়ে৷ কঠিয়া, নকৈ ৰোৱা ভূঁই বানৰ পানীয়ে নষ্ট কৰাত মূৰে কপালে হাত দিব লগা হৈছিল কৃষকে৷ বানৰ পানী শুকুওৱাৰ পাছত পুনৰ কঠিয়া পাৰি পথাৰ চহাই খেতিয়কসকলে অতি কষ্টৰে ভূূঁই ৰুইছিল যদিও এতিয়া গেঁৰ ধৰা ধানৰ পথাৰত পুনৰ কৃষকক মাধমাৰ শোধাইছে পোকে৷
ৰাজ্যৰ বিভিন্ন ঠাইত শুৰ পোকে খেতি পথাৰ নষ্ট কৰাৰ লগতে তেজপুৰতো চাৰিদুৱাৰ-বালিপাৰা অঞ্চলত কৃষি পথাৰ নষ্ট কৰিবলৈ আৰম্ভ কৰিছে৷ ধানখেতিত চৰহা পোক নামৰ কাঁইটীয়া গুৱৰুৱা জাতীয় মাৰাত্মক কীটৰ উপদ্ৰৱৰ ফলত ৰাজ্যখনত বছৰ বছৰ ধৰি কৃষিৰ উৎপাদন কমি আহিছে৷ চৰহা পোকে সাধাৰণতে কঠিয়া নতুবা কোমল ধানৰ পাতত আক্ৰমণ কৰে যদিও এইবেলি গেঁৰ ধৰা ধানত শোৰপোকে ধৰাত খেতিয়কৰ মাজত হাহাকাৰ লাগে৷
ধানৰ চোপৰ সেউজীয়া অংশ খাই নষ্ট কৰাৰ ফলত ধানৰ পাতবোৰ হালধীয়া হ’ব ধৰে৷ পোকে জন্ম দিয়া পলুবোৰে পাতৰ ভিতৰতেই ডাঙৰ হৈ বিঘাই বিঘাই কৃষিভূমি নষ্ট কৰে যদিও কৃষকে গমকে নাপায়৷ যি সমূহ পথাৰত চৰহা পোকে বাৰে বাৰে আক্ৰমণ কৰে তেনে পথাৰৰ পূৰ্বৰ নৰাবোৰ পুৰি পেলাব লাগে বুলি কৃষি বিশেষজ্ঞ সকলে পৰামৰ্শ আগবঢ়ায়৷ নৰাৰ মূঢ়াবোৰত শতিকালৈ বাস কৰে পোকসমূহে৷
শালিখেতিৰ পাচত আহু খেতি কৰিলে বিশেষভাৱে আক্ৰান্ত অঞ্চলৰ নৰাবিলাক পুৰি পেলােৱাৰ প্ৰয়োজন জানিব পৰা যায়৷ পথাৰত অসময়ত গজ ধান চোপবোৰ উঘালি পেলোৱাৰ লগতে মুঢ়াৰ পৰা গজা পুলিসমূহো নষ্ট কৰিব লাগে বুলি কৃষি বিশেষজ্ঞসকলে কোৱাৰ লগতে বহাগ বিহুৰ পাছত খেতিৰ মাটি চহাব লাগে বুলি পৰামৰ্শ দিয়ে৷ ইয়াৰ ফলত চৰহা পোকৰ খাদ্যৰ অভাব হৈ বংশ বৃদ্ধি কৰিব নোৱাৰে৷
চৰহা পোক সমূহে বছৰত ধান নথকা সময়ছোৱাত দলনি আৰু পিতনিত থকা দল, উৰিদল, বাহঁপতীয়া আদি ঘাঁহবিলাকত বংশ বৃদ্ধি কৰে৷ এনে ধৰণৰ ঘাঁহবিলাক ৰ্মাচ মাহৰ ভিতৰত নষ্ট কৰিবলৈ খেতিয়কসকলক কৃষি বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়ায়৷ আনহাতে কঠিয়া ৰোৱাৰ পাছত খেতিয়কসকলে খেতিপথাৰলৈ গৈ নজৰ ৰাখিব লাগে৷ কিয়নো পোকে ভিতৰি ভিতৰি খেতি পথাৰ নষ্ট কৰে যদিও বহু কৃষকে গমেই নাপায়৷ পোকে আক্ৰমণ কৰাৰ লগে লগে কৃষক অৱগত হলে কীটনাশক ছটিয়ালে খেতি বচাৰ উপক্ৰম হয়৷
আকৌ ৰাজ্যৰ এই ভয়াবহ চৰহা পোকৰ কবলত পৰিছে দুটাকৈ বানৰ কবলত পৰা কৃষক৷ কঠিয়া কিনি ভূই ৰুইছিল যদিও গেঁৰ ধৰা পথাৰখন জাক জাক চৰহা পোকে নষ্ট কৰে৷ গাঁঠিৰ ধন ভাঙি কঠীয়া ক্ৰয় কৰি বানৰ পাছৰ কৃষকে খেতি পথাৰত ভূই ৰুবলৈ সক্ষম হৈছিল৷ কিন্তু প্ৰকৃতিৰ সন্মুখত উপায়হীন কৃষকসকল৷ ৰাজ্যৰ কৃষি বিভাগে গুৰুত্ব প্ৰদান নকৰাৰ ফলত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে পৰিছে চৰহা পোকে৷
সময়মতে কীটনাশক যোগান নধৰাৰ লগতে কৃষি বিশেষজ্ঞ খেতি পথাৰলৈ গৈ পৰামৰ্শ নিদিয়াৰ ফলতে কৃষকে গম নোপোৱাকৈয়ে এফালৰ পৰাই পোকে তহিলং কৰি গৈছে খেতি পথাৰ৷ খেতি ডৰাক ভৰষা কৰিয়ে পৰিয়াল চলাই ৰাজ্যৰ কৃষকসকলে৷ পৰিয়ালৰ সকলো সদস্যৰে বেমাৰ-আজাৰ, ল’ৰা-ছোৱালীৰ কিতাপ-পত্ৰ, কিতাপ-বহী সকলো কৃষিৰ উৎপাদনে পৰা খৰছ কৰে কৃষকসকলে৷ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ-বালিপাৰা অঞ্চল শোৰপোকে লক্ষ্য কৰি লৈছে।
মাত্ৰ কেইমাহমান পূৰ্বে বানপানীয়ে সমগ্ৰ অঞ্চল দুটাৰ খেতিপথাৰ ক্ষতিগ্ৰস্ত কৰাৰ পিছত আকৌ এইবাৰ শুৰপোকৰ আতংকই সাধাৰণ কৃষকে হাঁহাকাৰ কৰিব লগা হয়৷ বালিপাৰাৰ ঢেকেৰিগাঁও পথাৰ, বামপথাৰ, দ-পথাৰৰ লগতে চাৰিদুৱাৰৰ বগীজুলি, আমলগা, আদি বহুতো ঠাইৰ কেইবাশ বিঘা মাটি শুৰপোকে নষ্ট কৰি পেলাইছে। আনফালে এই পোকবোৰ মাৰিবৰ বাবে বজাৰত পৰ্যাপ্ত পৰিমাণে ঔষধ-পাতি উপলব্ধ নোহোৱাত কৃষক সকলে মুৰে-কপালে হাত দি বহি থাকিব লগা হৈছে। ৰাইজে কৃষি বিভাগক শুৰপোকৰ আতংকৰ কথা অৱগত কৰাৰ পিছতো বৰ্তমানলৈকে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ ব্যক্ত কৰে৷