তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত আছাৰ প্ৰতিবাদ। অসমৰ আদিবাসী সকলক জনজাতিকৰণৰ দাবীত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ এই প্ৰতিবাদ।

বালিপৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে No ST NO REST,  বিজেপি চৰকাৰ গ'বেক আদি বিভিন্ন শ্লোগানেৰে বালিপৰাৰ ৰাজপথ উত্তাল কৰি তোলে।

আনহাতে, অতি শীঘ্ৰে আদিবাসী সকলক জনজাতি প্ৰদান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক চাহ বাগিচা অঞ্চলত প্ৰৱেশ নিষেধ কৰাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে।