
তেজপুৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সোমবাৰে বালিপৰাত উত্তাল প্ৰতিবাদ৷ বালিপৰীয়া যুৱ মঞ্চৰ উদ্যোগত আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, বালিপৰা শাখা সাহিত্য সভা, অসম সেনা, জ্যেষ্ঠ নাগৰিক সন্থাকে ধৰি কেইবা শতাধিক ৰাইজৰ অংশ গ্ৰহণেৰে এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়৷
আৰ এছ এছ হুচিয়াৰ, সৰ্বানন্দ গ’ বেক, আমাৰ দাবী মানিবই লাগিব আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানৰে বালিপৰাৰ ৰাজপথ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে ৰাজ্যসভাত জাতিধ্বংসী বিধেয়ক গৃহিত হ'লে ভবিষ্যতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে প্ৰয়োজন সাপেক্ষে প্ৰাণ দিবলৈও সাজু বুলি প্ৰতিবাদকাৰী সকলে সঁকিয়াই দিয়ে৷