
টিংখাংঃ ৰাজ্য চৰকাৰৰ উন্নয়নৰ মন্ত্ৰই ঢুকি নাপায় বহু অঞ্চল৷ ডিব্ৰুগড় জিলাৰ ১১৯ নং টিংখাং বিধান সভা সমষ্টিতো তাৰেই ৰূপ প্ৰতিফলন ঘটে৷ সমষ্টিটোৰ চাৰেংপথাৰ-শুকানী, শল'গুৰি সংযোগী পথৰ ডিকচাম নৈৰ ওপৰৰ থকা ধলং-পলং বাঁহৰ দলং খনে সুদীৰ্ঘকালে অঞ্চলবাসীক যমৰ যান্ত্ৰণা ভুগাই আহিছে।
উন্নয়নৰ ঢাক-ঢোল বজোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনৰ উন্নয়নৰ নমুনা উদঙাই এতিয়াও বাঁহৰ দলঙেৰে চলি আছে যাতায়ত ব্যৱস্থা৷ বাৰিষা আহিলেই ডিকাচাম নৈৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই লৈ যোৱাৰ ফলত যাতায়ত ব্যহত হৈ পৰে৷ কৃষি আৰু হাজিৰা কৰি কোনোমতে চলি থকা অঞ্চলটোৰ ৰাইজে খৰালি পৰিলে পুনৰ গাঁঠিৰ ধন খৰচ কৰি দলংখন মেৰামতি কৰে৷
আনহাতে বাঁহৰ দলঙেৰে তিনি চাৰিকীয়া বাহন পাৰ হ’ব নোৱাৰাত অঞ্চলটোৰ সংকটজনক ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে ঠেলাগাড়ীয়ে সাৰথি কৰি লব লগা হয়৷
উল্লেখ্য যে, অঞ্চলটোৰ ভুক্তোভূগী ৰাইজে দলংখন নিৰ্মানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনায় যদিও বিভাগীয় কৰ্তৃপক্ষই বিষয়টোৰ ওপৰত কোনো গুৰুত্ব নিদিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷
নিৰ্বাচনৰ আগে আগে সকলো দল আৰু প্ৰতিনিধিয়ে ৰাইজৰ আগত দলংখন নিৰ্মান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও নিৰ্বাচনত জয় লাভৰ পিছত ভুক্তোভূগী ৰাইজৰ খবৰ লবলৈকো কোনো নেতা-প্ৰতিনিধি অঞ্চলটোত উপস্থিত নহয় বুলিও ক্ষোভ উজাৰে অঞ্চলটোৰ ৰাইজে৷