
কোকৰাঝাৰঃ বিটিএডিৰ বিতৰ্কিত ভূমি নীতিকলৈ কেইবাটাও দল সংগঠনে প্ৰতিবাদ কৰাৰ সময়ত অসম আৰক্ষীয়ে জধে মধে একাংশ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷ গ্ৰেপ্তাৰ কৰা নিৰ্দোষী লোসকলক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত আক্ৰাছুকে ধৰি পাঁচটাকৈ সংগঠনৰ সন্মিলিত সংযুক্ত সংগঠন সমন্বয়ক সমিতিয়ে সোমবাৰে তথা ১২ মাৰ্চৰ পুৱাৰে পৰা আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰে৷
সংগঠনৰ সন্মিলিত সংযুক্ত সংগঠন সমন্বয়কৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে সংবাদ মাধ্যমক এই কথা জানিবলৈ দি কয় যে, বিটিএডিৰ আৰক্ষী মহাপৰিৰ্দশক অনুৰাগ আগৰৱালাৰ সৈতে সংযুক্ত সংগঠন সমন্বয়ক সমিতিয়ে দেওবাৰে এক বৈঠকত মিলিত হয়৷ আইজিপিগৰাকীয়ে সংগঠনসমূহৰ দাবী সমূহ সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে দল-সংগঠনৰ বিৰুদ্ধে হাৰাশাস্তি বন্ধ কৰা আৰু আটকাধীন লোকসকলক বিনাচৰ্তে মোকলাই দিয়াৰ প্ৰতিশ্ৰতিত আশ্বস্ত হৈয়ে ১২ মাৰ্চত আহ্বান দিয়া ১২ ঘন্টীয়া অসম বন্ধ প্ৰত্যাহাৰ কৰা বুলি সদৰী কৰে৷
বিটিএডিৰ আৰক্ষী মহাপৰিৰ্দশক (আইজিপি) অনুৰাগ আগৰৱালাৰ সৈতে অনুষ্ঠিত বৈঠকত আছাৰ সভাপতি ষ্টিফেন লাক্ৰা, আক্ৰাছুৰ সভাপতি অৰুন ৰায়, উপ-সভাপতি মুকুল বৰুৱা, সদৌ চাওতাল ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি এলবিন মুৰ্মু আৰু নাথযোগী ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জিবুৰাম নাথকে ধৰি আন কেইবাগৰাকী নেতা উপস্থিত থাকে৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৰাজহুৱাকৈ জাতীয় দল-সংগঠনৰ সৈতে বৈঠকত মিলিতহৈ ভুল স্বীকাৰ কৰি বিটিচিত সাংবিধানিক নিয়মানুযায়ী ভূমিৰ অধিকাৰ সুৰক্ষিত হৈ থাকিব বুলি মন্তব্য কৰিছিল। আনহাতে কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত কোকৰাঝাৰত অনুষ্ঠিত হোৱা ব্যৱসায়িক সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সদৰ চহৰৰ ব্যৱসায়ীসকলে সংগঠনে আহ্বান জনোৱা কোনো ধৰণৰ বন্ধ কাৰ্যসূচী পালন নকৰে বুলি সিদ্ধান্ত গ্ৰহণ কৰে।
কোকৰাঝাৰ ব্যৱসায়ী সন্থাৰ সভাপতি ৰাজীৱ ব্ৰহ্মৰ পৌৰাহিত্যতত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাত শতাধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰি বিভিন্ন সংগঠনে হকে-বিহকে আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচীয়ে তেওঁলোকৰ পৰিয়াল ভৰণ পোষণত সমস্যাৰ সৃষ্টি হোৱা মন্তব্য আবঢ়ায় যিকোনো সংগঠনে আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচী আগন্তুক দিনবোৰত পালন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷