
newsnextone.com | চৰাইদেউঃ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে সোমবাৰে পুৱাৰে অসম বন্ধৰ আহ্বান জনাইছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যৰে ঠায়ে ঠায়ে পৰা পৰিলক্ষিত হৈছে। চৰাইদেউ জিলাতো বন্ধৰ ব্যাপক প্ৰভাৱ পৰে।
অসম বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে চৰাইদেউ জিলাতো পৰা পৰিলক্ষিত হয়। বন্ধ সমৰ্থনকাৰীয়ে চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে সোমবাৰে পুৱাৰে পৰা চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, যান-বাহনৰ চলাচল কৰা বন্ধ থকা দেখা যায়।
উল্লেখ্যযে, যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷
যোৱা ২০ জুলাইত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে ৬ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে আলোচনাৰ বাবে নতুন দিল্লীত উপস্থিত হয়। দিল্লীৰ নৰ্থ ব্লকত আৰম্ভ হয় বিশেষ বৈঠক। গৃহ সচিব পৰ্যায়ত অনুষ্ঠিত আলোচনাত মিলিত আটাছু, সদৌ মৰাণ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, চুতীয়া জাতি সন্মিলনী, কোচ ৰাজবংশী যুৱ সন্মিলনী, কোচ ৰাজবংশী সংগ্ৰাম সমিতি, আটছাৰ প্ৰায় চল্লিশ জনীয়া প্ৰতিনিধি দলটোৰ সৈতে ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰৰ প্ৰতিনিধিয়ে আলোচনাত মিলিত হৈছিল।
বৈঠকত কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে অসম চৰকাৰৰ প্ৰতিনিধি অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য আৰু অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰা উপস্থিত আছিল।বৈঠকত অংশ গ্ৰহণৰ পৰা বিৰত থাকে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে। জনগোষ্ঠীয় সংগঠনকেইটাই এই আলোচনাক এক ফ্লপ শ্ব' আখ্যা দিছিল। সংগঠনকেইটাই এয়া ৬ জনগোষ্ঠীক দিল্লী চৰকাৰে অপমান কৰা বুলি কয়। অপমানৰ পোতক তুলিবলৈ বন্ধৰ দৰে কাৰ্যসূচী হাতত লয় সংগঠন কেইটাই।