03
Jan
2019

তামুলপুৰঃ তামুলপুৰ থানাৰ অন্তৰ্গত ডিমিলাপাৰত বৃহস্পতিবাৰে সংঘটিত হয় এক দিন ডকাইতিৰ ঘটনা। এই ঘটনাই অঞ্চলব্যাপী সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
প্ৰাপ্ত তথ্য অনুসৰি আজি দিনৰ ভাগত তামুলপুৰৰ বন্ধন বেংকৰ নুৰুল হুছেইন নামৰ এগৰাকী কৰ্মচাৰীয়ে মাজদিয়া, দুমুৰীয়া আৰু শালমাৰা গাওঁৰ সংগম, শান্তনু, বিজুলী আৰু ৰেঙনি গ্ৰুপৰপৰা সাপ্তাহিক কিষ্টি সংগ্ৰহ কৰি তামুলপুৰস্থিত বন্ধন বেংকৰ কাৰ্যালয়লৈ আহি আছিল।
কিন্তু কৰ্মচাৰীজনে ডিমিলাপাৰ পোৱাৰ লগে লগে কৰ্মচাৰীজনৰ AS 25K 2740 নম্বৰৰ গ্লেমাৰ গাড়ীখন আগভেটি ধৰে । এখন নম্বৰ বিহীন ক’লা ৰঙৰ পালচাৰত মূখত ৰুমাল বান্ধি অহা দুজন যুৱকে কৰ্মচাৰী জনক পিষ্টল দেখুৱাই ৯১,৭৭০ টকা লুট কৰি নিয়ে।
আনহাতে খবৰ পোৱাৰ লগেই লগেই তামুলপুৰ থানাৰপৰা আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে।