
গুৱাহাটীঃ বাংলাদেশী বিতাড়ন বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেবাটাও জাতীয় দল-সংগঠনে কেবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ তাৰ মাজতে অসম আন্দোলনত নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷
বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷ বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷
ইয়াৰ মাজতে ৰাজ্য চৰকাৰৰ বৰঘৰৰ পিৰালিত আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় দুগৰাকী সন্দেহজনক নাগৰিকক৷ ৰাজ্যৰ ৰাজধানীৰ পৰা নাতিদূৰৈৰ আজাৰাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সন্দেহুক্ত নাগৰিক দুজনক৷
আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অতৰ্কিতে অভিযান চলাই সুভাষ দোম আৰু আচাৰ আলম নামৰ লোক দুজনক আটক কৰে। আজাৰাৰ সমীপৰ ভি আই পি চ’কত এঘৰ লোকৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল লোক দুজন৷ ভাৰাতীয়া হিচাপে থাকি লোকদুজনে অঞ্চলটোত ৰাজ মিস্ত্ৰী হিচাপে কাম কৰি আহিছিল৷
বৰঝাৰ বিমানবন্দৰৰ সমীপৰ পৰা আটক কৰা লোকদুজন বাংলাদেশী লোক বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ৰাজ্য চৰকাৰৰ বৰঘৰৰ পিৰালিত সন্দেহজনক বাংলাদেশী লোকক আৰক্ষীয়ে আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷