19
Nov
2017

মোৰাঝাৰঃ ইউ বি আইৰ যমুনামুখ শাখাৰ কাৰ্যালয় দেওবাৰে স্থানান্তৰিত কৰা হয়৷ হোজাই জিলাৰ যমুনামুখ চহৰৰ মাজ মজিয়াত থকা বেংকটোৰ শাখা কাৰ্যালয়টো চহৰৰ মাজ মজিয়াৰ পৰা ডি বি প্লাজা নামৰ মাৰ্কেট খনলৈ স্থানান্তৰিত কৰে বেংক কৰ্তৃপক্ষই৷ নতুন আটকধুনীয়া কাৰ্যালয়টো বিশেষ অনুষ্ঠানৰ জড়িয়তে মুকলি কৰে৷
পুৱা ৯ বজাত বেংকটোৰ চিআৰএম ৰবি কুমাৰৰ উপস্থিতিত আনুষ্ঠানিক ভাবে বেংকৰ দুৱাৰ মুকলি কৰে সমাজসেবী কুসুম বালা দেৱী শৰ্মাই। অৱসৰ প্ৰাপ্ত শিক্ষক, পেঞ্চনাৰ, গ্ৰাহক আৰু সচেতন ৰাইজৰ উপস্থিতিত সকলো সা-সুবিধা থকা নতুন বেংকৰ শাখাটোত এ টি এম, ই-কৰ্ণাৰৰ লগতে প্ৰয়োজনীয় সকলো ধৰণৰ ব্যৱস্থা থাকিব বুলি জানিবলৈ দিয়ে।