
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীন বিকাশ বেংকৰ নাওকাটা শাখাত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ প্ৰাপ্ত তথ্যমতে গোৰেশ্বৰ হাজালপাৰাৰ গাওঁৰ দুলাল বিশ্বাস নামৰ গ্ৰাহকজনে আজি নিজৰ ৭২৯০০১০০০৪৮০৮ নম্বৰৰ একাউণ্টৰ পৰা টকা উলিয়াবলৈ আহে।
তেওঁৰ মতে একাউণ্টত প্ৰায় তিনি হাজাৰ টকা থাকিব লাগে। কিন্তু উইদ্ৰ ফৰ্ম জমা দিয়াত তেওঁক কেচিয়াৰে কয় যে কালি আপুনি (২৫০০ ) দুই হাজাৰ পাচ শ টকা উলিয়াই নিছে। গ্ৰাহকজনৰ আচৰিত হয় কিয়নো তেওঁ কালি কোনো ধন উলিওৱা নাই।
এই অভিযোগ প্ৰৱন্ধকজনক জনোৱা হয় যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰে।
ইয়াৰ পিছতে গ্ৰাহকজনে সমগ্ৰ ঘটনাটো গোৰেশ্বৰ আঞ্চলিক আছু আৰু আক্ৰাছুৰ নেতা কৰ্মীক জনায়৷ সংগঠন দুটাৰ কেইজনমান সদস্যই বেঙ্কত উপস্থিত বেংকৰ প্ৰবন্ধকজনক সোধ পোচ কৰাত দুয়োপক্ষৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। বেংকটোৰ একাংশ দালাল প্ৰকৃতিৰ লোকৰ লগতে একাংশ কৰ্মচাৰীৰ অতপালিতে এনে কাণ্ড পূৰ্বেও সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
অৱশ্যে পিছত বেংক প্ৰবন্ধকে এই বিষয়ে ভুল স্বীকাৰ কৰে আৰু গ্ৰাহকজনক ২৫০০ টকা উভটাই দিবলৈ মান্তি হয়। এই ঘটনাক লৈ কিছু উত্তেজনা সৃষ্টি হোৱাৰ পিচত বেংকটোত আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ আৰক্ষীৰ সন্মুখতে ভুল স্বীকাৰ কৰি গ্ৰাহকজনৰ একাউণ্টৰ পৰা হৰলুকী হেৱা টকাখিনি উভটাই দিয়ে।
নিজৰ জমা ধন ৰাইজে কাৰ ওপৰত ভৰষা কৰি বেংকত থব তাকলৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ দুখীয়াৰ ধনক লৈ এনেদৰে হেতালি খেলা এই ঘটনাক তীব্র ভাষাৰে গৰিহণা জনাইছে গোৰেশ্বৰ আক্ৰাছুৰ ছাত্ৰ নেতা শংকৰ ৰাজবংশী, আছুৰ দ্বীপেন শৰ্মা আৰু বুবুল আলিয়ে।