প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

মঙলদৈঃ নতুন বছৰত আইন-শৃংখলা পৰিস্থিতি যাতে বেয়াৰ ফালে ঢাল নাখায় তাৰ বাবে সস্তম হৈ পৰিছে দৰং জিলা প্ৰশাসন৷ দৰং জিলা প্ৰশাসনে নৱবৰ্ষৰ প্ৰথমটো দিন তথা পহিলা জানুৱাৰীৰ দিনটো সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰে।

অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনে অহা ১ জানুৱাৰীত সুৰা নিষিদ্ধ দিন ঘোষণা কৰি জিলাখনৰ সকলো আবকাৰী পণ্যগাৰ দেশীয় সুৰাৰ মহল, বিপনী, ভাৰতত তৈয়াৰী বিদেশী সুৰাৰ দোকান আদিলৈ সুৰাৰ পাইকাৰী নতুবা খুচুৰা বিক্ৰী বন্ধ ৰাখিবৰ বাবে জাননী জাৰি কৰে।

এই নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে আবকাৰী আইনৰ সংশ্লিষ্ট ধাৰা অনুসৰি ব্যৱস্থা লোৱা বাবে জিলা উপায়ুক্তই আবকাৰী বিভাগক নিৰ্দেশ দিয়ে। নতুন বছৰক আদৰাৰ নামত নিশা দুপৰলৈকে একাংশ লোকে ধাবা, মদৰ দোকান, বনভোজ স্থলীত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা দেখা যায়৷ গাড়ী-মটৰ দুৰ্ঘটনাও বৃদ্ধি পাই দিনটোত। দৰং জিলা প্ৰশাসনৰ এনে পদক্ষেপক আদৰণি জনাইছে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ লগতে সচেতন মহলে।