তেজপুৰঃ অসম আন্দোলনৰ এগৰাকী সংগ্ৰামী নেতা তথা দৰং কলেজৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বাপধন কোঁচৰ আকস্মিক বিয়োগত তেজপুৰত গভীৰ শোকৰ ছাঁ পৰে।

অসমীয়া জাতিটোক এক জটিল সন্ধিক্ষণৰ পৰা উদ্ধাৰ কৰিবলৈ জাতীয়তাবাদী নেতাগৰাকীয়ে অতি নিষ্ঠা আৰু সাহসিকতাৰে অসম আন্দোলনত জপিয়াই পৰি সংগ্ৰাম কৰি গৈছিল ৷

অসমীয়া জাতি, জন্মভূমি তথা সমাজ জীৱনৰ প্রতি থকা আৱেগৰ বাবে ব্যক্তিগত সুখ-স্বাচ্ছ্যন্দকো আওকাণ কৰি ওৰেটো জীৱন অসমৰ হকে নিজকে উৎসৰ্গা কৰা বাপধন কোঁচে দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ  গুৱাহাটীৰ জিএনআৰচিত চিকিৎসাধীন হৈ থকাৰ পিছত শনিবাৰে মৃত্যু হয়।

তেজপুৰ বেচেৰিয়া অঞ্চলৰ এগৰাকী সমাজকৰ্মী বাপধন কোঁচে  অসম আন্দোলনত সক্ৰিয় ভূমিকা লৈ বহু বাৰ কাৰাবাস খাতিব লগা হৈছিল । এইগৰাকী নিষ্ঠাৱান সমাজকৰ্মী, জাতিয়তাবাদী নেতাৰ বিয়োগৰ খবৰ  বিয়পি পৰাৰ লগে লগে তেজপুৰৰ বিভিন্ন ব্যক্তিৰ লগতে দল-সংগঠনে গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷