22
Dec
2017

কাজিৰঙাঃ গোলাঘাট জিলাৰ বিশিষ্ট নাগৰিক, সমাজকৰ্মী তথা প্ৰবীণ সাংবাদিক বাপকন দাসৰ শুকুৰবাৰে মৃত্যু হয়৷ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰাপ্ত কাজিৰঙাৰ বগুৰিজুৰিৰ বাসিন্দা বাপকন দাসৰ চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসালয়ত ৯৬ বছৰ বয়সত মৃত্যুক আকোৱালি লয়৷
দাসৰ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ লগে লগে গুণমুগ্ধৰে তেওৰ ঘৰ ভৰি পৰে৷ বাপকন দাসে কাজিৰঙা অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান প্ৰতিষ্ঠাৰ সৈতে জড়িত থকাৰ লগতে মৃত্যুৰ আগমুহূৰ্তলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জৰিত হৈ আছিল৷
প্ৰবীণ সাংবাদিক, অৱসৰ প্ৰাপ্ত শিক্ষক তথা কাজিৰঙাৰ সংবাদ জগতৰ বাটকটীয়া দাসৰ মৃত্যুত কাজিৰঙাত শোকৰ ছাঁ পৰে৷ মৃত্যুৰ সময়ত ৪গৰাকী কন্যা দুগৰাকী পুত্ৰ ইহসংসাৰত এৰি থৈ যায়৷