বঢ়মপুৰঃ ঐতিহ্যমণ্ডিত তিৱা জনগোষ্ঠীৰ বৰত উৎসৱ উদযাপনৰ ব্যাপক পস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ তিৱা জনগোষ্ঠীৰ লোকসকলৰ ৰাজকীয় উৎসৱ বুলি জনাজাত বৰত উৎসৱ৷ মৰিগাঁও জিলাৰ তেতেলীয়া অঞ্চলৰ তিৱাসকলে প্ৰতি পাঁচ বছৰৰ মূৰত উদযাপন কৰে বৰত উৎসৱ। বৰত উৎসৱত নানা সংস্কৃতি, লোক কৃষ্টি, পৰম্পৰাৰ সমাহাৰ ঘটে৷ নৃত্য-গীতে, আয়তীৰ নাম আদিৰ লগতে বৰঘৰ সজাই তোলা হয়৷

তিৱাসকলৰ ‘সাতোৰজা-পাঁচোৰজা’ অঞ্চলৰ কদালীপৰিয়া গীতৰ সৈতে পাটিঢোল, তাল, মহৰ শিঙৰ পেঁপা আৰু হাতে হাতে চৰাইলৌ লৈ উচাহৰ পৰিবেশ সৃষ্টি কৰে তিৱাসকলে৷ আধুনিক যোগাযোগৰ ব্যৱস্থা নথকাৰ দিনত বহু দুৰ-দুৰণিৰ পৰা তিৱা ৰাইজ খোজ কাঢ়ি বৰতলৈ আহোতে মোনাত জা-জলপান–সান্দহ পিঠাগুৰি লৈ আহে আৰু বাটত জিৰনি লৈ টোপোলাৰ পৰা সেইবোৰ উলিয়াই খায় পুণৰ বৰতলৈ ঢাপলি মেলিছিল। ঐ বৰত/ যাহ ঐ বৰত/সান্দহ সুন্দং ঘৰত/খাই যাও বঘৰাৰ দলত বুলি গদালীপৰিয়া গীত জুৰি মতলীয়া হয় তিৱা সকল৷

বিভিন্ন গাঁৱৰ মানুহৰ সমাগমৰ মাজৰ পৰাই বৰতৰ বিভিন্ন প্ৰতিযোগিততা অংশ গ্ৰহণ কৰিবৰ বাবে বিভিন্ন দলৰ গঠন হয়। দলবোৰে ঢুলীয়া প্ৰতিযোগীতা, মহৰ শিঙৰ পেঁপা বজোৱা, শিল্পীসকলৰ মাজত পেঁপা বজোৱাৰ প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰে। যেতিয়া লৈকে বিপৰীত দলক হৰুৱাব নোৱাৰে তেতিয়ালৈকে প্ৰতিযোগীতা চলি থাকে। পুৰুষে মহিলাক আৰু মহিলাই পুৰুষৰ লগত নাইবা ডেকাই গাভৰু আৰু গাভৰুৱে ডেকাৰ লগত গদালীপৰিয়া গীতৰ প্ৰতিযোগীতাত নামে।

প্ৰতিযোগীতাত যিয়ে হাৰে তেওঁক বিজয়ী হোৱাগৰাকীয়ে লৈ যাব পাৰে। পৰম্পৰা অনুসৰি বিয়া কৰাব পাৰে৷ বৰত উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অহা ২ আৰু ৩ জানুৱাৰিত তিৱা সকলৰ অন্যতম লোক উৎসৱ বৰত মৰিগাঁৱৰ তেতেলীয়াৰ ৰাইজে উদযাপনৰ কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা বুলি জাৱিব পৰা গৈছে৷