বঢ়মপুৰঃ অগপ, বিজেপি, বিপিএফ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ বিশেষকৈ ৰাজ্য চৰকাৰ খনে বিশুদ্ধ খোৱাপনী যোগানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা দেখ নাযায়৷ পৰিবৰ্তনৰ কথাকৈ ভোট লৈ চৰকাৰ গঠন কৰা তিনিটা দলে আজিও ৰাইজৰ সমস্যাক গুৰুত্ব আৰোপ নকৰি লেতেৰা ৰাজনীতি হে কৰি থকাৰ অভিযোগ উত্থাপন হৈছে৷

পৰিবৰ্তনৰ কথা কৈ ভিআইপিত পৰিণত হোৱা মন্ত্ৰী-বিধায়কসকলে এতিয়া দৰিদ্ৰ, শ্ৰমিকৰ সমস্যাক গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ নিৰ্বাচনৰ যোৱাৰ পিছতে সম্ভ্ৰান্ত হৈ পৰা মন্ত্ৰী-বিধায়কসকল এতিয়া হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰাত ব্যস্ত হৈ পৰিছে৷ গ্ৰাম্য অঞ্চলৰ লোকসকলে এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ বটলৰ পানী কিনি খোৱা মন্ত্ৰী, বিধায়ক, বিষয়াই গাঁৱৰ লোকৰ খোৱা পানীৰ সমস্যাৰ কথা বুজিবলৈ সময় নাই৷ কিয়নো তেওলোকে প্ৰায়ে বটলৰ হে পানী সেৱন কৰে৷

এই অভিযোগ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হোৱা বঢ়মপুৰৰ ৰাইজৰ৷ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ৰাইজে পানী যোগান আঁচনি নথকাৰ বাবে এটুপিও পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷ কেবাবছৰ পুৰ্বে বঢ়মপুৰ সমষ্টিত কেইবাখনো পানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদিও সেয়াও ভেকোভাওনাত পৰিণত হৈছে৷ বহু ঠাইত পানী যোগানৰ বাবে টেপ বহুৱাই ৰাম ঠগন দিয়ে জনস্বাস্থ্য কাৰিকৰি বিভাগে৷

কেৱল ঠিকাদাৰৰ স্বাৰ্থত স্থাপন কৰা পানী যোগান আঁচনিয়ে আজিলে পানী দিব পৰা নাই৷ ৮০-৯০ৰ দশকত অঞ্চলটোৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগে খোৱাপানী যোগান আঁচনি নিৰ্মাণ কৰিছিল যদি অচল হৈ পৰে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিৰ এলেকাৰ কন্দলীৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী বিচাৰি হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷

ঐতিহ্যমণ্ডিত বাদুলি খুৰুংৰ বাবে বিখ্যাত কন্দলীত ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তিনি-চাৰি কিঃ মিঃ পৰ্যন্ত দূৰলৈ যাব লগা হয়৷ মেলেৰিয়া অধ্যুষিত কন্দলি অঞ্চলত জনজাতি লোক বসবাস কৰে৷ অঞ্চলটোৰ ৰাইজে যুগ যুগ ধৰি পাহাৰৰ জান-জুৰিৰ পৰা নিগিৰি অহা পানী খাই জীৱন নিৰ্বাহ কৰিব লগা হৈছে৷ কানসাৰ নাই চৰকাৰ প্ৰশাসনৰ তথা স্থানীয় বিধায়কৰ। বনৰীয়া হাতীয়ে উপদ্ৰৱত নিদ্ৰাহৰণ হোৱা লোকসকলে বাট-পথ, শিক্ষা, স্বাস্থ্য আদিত সদায় পিছপৰি আছে৷