
নগাঁওঃ নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত শৈক্ষিক, সাংস্কৃতিক, আৰ্থ সামাজিক আৰু বৌদ্ধিক বিকাশত পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰি অহা ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈছে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ ১৯৬৬ চনৰ কোনো এক শুভ ক্ষণত কেইবাগৰাকী শিক্ষানুৰাগী আৰু স্থানীয় ৰাইজৰ ঐকান্তিক আৰু আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই শিক্ষানুষ্ঠানখনে শিক্ষাৰ পোহৰ বিলাই ইতিমধ্যে সগৌৰৱে ৫০ বছৰ অতিক্ৰম কৰিলে৷ সেয়ে বিদ্যালয় কৰ্তৃপক্ষই অঞ্চলবাসী ৰাইজৰ সক্ৰীয় সহযোগিতাত ইয়াৰ সোণালী জয়ন্তী উৎসৱটি কাইলৈৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ দিহা কৰিছে ৷
উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ লগতে বিদ্যালয় আৰু উৎসৱস্থলী বেছ আকৰ্ষণীয়কৈ সজাই-পৰাই তুলিছে৷ কাইলৈ পুৱা ৮ বজাত ৫০ গছি বন্তি প্ৰজ্বলনেৰে উৎসৱৰ কাৰ্যসূচীসমূহৰ পাতনি মেলাৰ পিছতে শ্বহীদ তৰ্পণ আৰু ৫০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা বিদ্যালয় আৰু সোণালী জয়ন্তী সমাৰোহৰ পতাকা উত্তোলন কৰা হ’ব৷ ১০ বজাৰ পৰা স্মৃতি তৰ্পন, প্ৰাক্তন প্ৰধান শিক্ষক প্ৰয়াত ৰবীন্দ্ৰনাথ বায়ন সোঁৱৰণী মূল মণ্ডপ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত বিয়লি ১ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি মিলন আৰু সন্ধ্যা ৮ বজাৰ পৰা নাট্যানুষ্ঠান প্ৰদৰ্শিত হ’ব৷
দ্বিতীয় দিনা পুৱা ৮ বজাৰ পৰা বৃক্ষ ৰোপন, চিত্ৰাংকণ প্ৰতিযোগিতা, প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন আৰু প্ৰাক্তন শিক্ষক-কৰ্মচাৰীৰ সম্বৰ্ধনা অনুষ্ঠানৰ অন্তত বিয়লি ২ বজাৰ পৰা সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ’ব৷ নিশা প্ৰদৰ্শিত হ’ব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান৷ অন্তিম দিনা পুৱা ৯ বজাত বিদ্যালয় চৌহদত স্বচ্ছতা অভিযান, কুইজ প্ৰতিযোগিতা আৰু বিয়লি ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব৷ মুকলি সভাত আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি কেইবাজনো মন্ত্ৰী-বিধায়ক, বিশিষ্ট শিক্ষাবিদ আৰু প্ৰশাসনিক বিষয়া উপস্থিত থাকিব৷ সন্ধ্যা ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপে সংগীতানুষ্ঠান পৰিবেশন কৰিব বুলি উদযাপন সমিতিৰ সভাপতি গুৰুমুখ সিং, কাৰ্যকৰী সভাপতি কমলা ডেকা আৰু সম্পাদক প্ৰতাপ সিঙে জানিবলৈ দিয়ে৷