
নগাঁওঃ নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰৱা আৰক্ষী নিৱেশৰ অন্তৰ্গত বটদ্ৰৱা সৰুহিছা গাঁওবাসীৰ লগতে নগাঁও আৰক্ষীক আতংকিত কৰি আজি দিন দুপৰতে এক ডকাইতিৰ ঘটনা সংঘটিত হোৱা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, বটদ্ৰৱাৰ সৰুহিছা গাঁৱৰ নিবাসী উপেন কাকতি আৰু তেওঁৰ পত্নী সুমিত্ৰা খাটনিয়াৰ ঘৰত দুপৰীয়া কোনো নথকাৰ সুযোগ লৈ ঘৰৰ ছিলিঙৰ এচি বৰ্ডৰ ওপৰৰ চাং ভাঙি কোনো দুৰ্বৃত্তই ঘৰত প্ৰৱেশ কৰি লুট পাত কৰি নিয়ে ৷
বিদ্যালয়ত চাকৰি কৰা সুমিত্ৰা খাটনিয়াৰ বিয়লি ঘৰলৈ ওভতি আহি ভিতৰৰ কোঠাৰ এচি বৰ্ড ভাঙি থকাৰ লগতে ভিতৰৰ কোঠা আৰু পিছফালৰ দুৱাৰ খুলি থকাৰ ওপৰিও সামগ্ৰীবোৰ চেদেলি-ভেদেলি হৈ থকা দেখি হুলস্থুল কৰাত প্ৰতিবেশী লোক গোট খোৱাত দিন-দুপৰতে চুৰি কাৰ্য সংঘটিত হোৱাৰ বিষয়টো পোহৰলৈ আহে ৷
পিছত ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ গতানুগতিকতাৰে তদন্ত আৰম্ভ কৰে ৷
গৃহস্থ উপেন কাকতিয়ে সাংবাদিকক জানিবলৈ দিয়া মতে,দুৰ্বৃত্তই বহু চেষ্টা কৰিও দুটা গডৰেজৰ তলা ভাঙিবলৈ সক্ষম নহ'ল যদিও বাহিৰত থকা পাচঁটা সোনৰ আঙঠি, সোনৰ চেইন এডাল, সোনৰ খাৰু চাৰিজোৰ, সোনৰ কানফুলি এজোৰ, মবাইল হেণ্ডচেট তিনিটা সহ কেইবাজোৰো কাহঁৰ কাঁহী-বাতিকে ধৰি বঁটা-চৰিয়া লুট কৰি নিয়ে ৷ দিন দুপৰতে বটদ্ৰৱাৰ মাজ-মজিয়াত সংঘটিত হোৱা এনে চাঞ্চল্যকৰ ঘটনাই অঞ্চলবাসীক শংকিত কৰি তুলিছে ৷ আৰক্ষীক এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
নগাঁওৰ পৰা জয়ন্ত মুদৈ