newsnextone.com | জাজৰিঃ বাংলাদেশৰ হিন্দু শৰণাৰ্থীক অসমত সংস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰীয়ে৷ ভাৰত চৰকাৰে অবৈধ হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শনিবাৰে নগাঁৱৰ বটদ্ৰৱা সমষ্টিত গণ স্বাক্ষৰ সংগ্ৰহ কৰে অসম গণ পৰিষদে৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি বিভিন্ন দল সংগঠনে বিভিন্ন কৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ সমগ্ৰ ৰাজ্যজুৰি গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে। 

বটদ্ৰৱা সমষ্টিৰ অগপ নেতাকৰ্মীসকলেও বিধেয়ক খনৰ বিৰুদ্ধে সমষ্টিটোৰ বিভিন্ন স্থানত গণস্বাক্ষৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, সমষ্টিটোৰ জ্যেষ্ঠ নেত্রী মামনি বৰা, চন্দ্ৰ মোহন বৰা, ৰঞ্জন বৰা, বিশ্বজ্যোতি মহন্ত, যুৱ পৰিষদৰ নেতা অনন্ত ফুকন, জ্যেষ্ঠ কৰ্মী শিৱৰাম বৰদলৈৰ নেতৃত্বত সমষ্টিটোৰ জামুগুৰি বজাৰ গৃহ, দলংঘাট দ্বি-সপ্তাহিক বজাৰ, জাজৰি বাছ আস্থানত সাধাৰণ গণস্বাক্ষৰ সংগ্ৰহ কৰে। গণস্বাক্ষৰ সমূহ বিধেয়ত খন বাতিলৰ দাবীত ভাৰত চৰকাৰক প্ৰদান কৰিব৷