
newsnextone.com| নগাঁওঃ ৰাজনৈতিক হস্তক্ষেপ নেওচি চৰকাৰী বিধি মতে বিভাগৰ কাম-কাজ কৰি স্থানীয় বিধায়িকাৰ ৰোষত পৰি অৱশেষত অৱসৰ গ্ৰহনলৈ মাত্ৰ দহমাহ বাকী থকা অৱস্থাত সূদুৰ লক্ষীমপুৰলৈ বদলিৰ আদেশ লাভ কৰা নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকী জিতেন্দ্ৰ কুমাৰ নাথৰ বিভাগীয় নিদ্দেৰ্শত স্থগিতাদেশ জাৰী কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে, ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবৰ দ্বাৰা স্বাক্ষৰিত মেম’ নং-পি আৰ দি-১২/১০/২০১৭-পি আৰ দি(বি)-৭৬ ৰ জৰিয়তে বিষয়াগৰাকীক বদলিকৰণৰ নিৰ্দেশ দিয়া হৈছিল যদিও বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ সৈতে হোৱা সংঘাতৰ বাবেই বিষয়াজনক এনেদৰে সময়ৰ বহু পূৰ্বেই বদলি কৰা হৈছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উঠিছিল৷
স্মৰ্তব্য যে, বিগত জুলাই মাহৰ মাজ ভাগৰ পৰাই বজাৰ আবন্টনক কেন্দ্ৰ কৰি বিধায়িকাগৰাকীৰ লগত বিষয়াগৰাকীৰ নীতিগত কাৰণত মত বিৰোধ আৰম্ভ হৈছিল৷ এই বৰ্ষৰ জুলাই মাহত দলংঘাট উন্নয়ন খণ্ডৰ অধীনত থকা চাৰিখন বজাৰ আবন্টন দিয়াৰ ক্ষেত্ৰত বিশেষ লোকক অগ্ৰাধিকাৰ দিবলৈ বিধায়িকাগৰাকীয়ে খণ্ড উন্নয়ন বিষয়া জিতেন্দ্ৰ কুমাৰ নাথক একপ্ৰকাৰে হেঁচা প্ৰয়োগ কৰিছিল৷ আনকি নিজৰ পচন্দৰ বিশেষ বিশেষ ব্যক্তিয়ে বজাৰ আবন্টন পোৱাৰ ক্ষেত্ৰত বিধায়িকা গৰাকীয়ে বিভাগীয় নীতি-নিৰ্দেশনা মতে নিৰ্ধাৰণ কৰা নিবিদা দাখিলৰ তাৰিখো পিছুৱাই দিবলৈ নিৰ্দেশ দিছিল বি ডি অ’ নাথক৷
কিন্তু বিধায়িকাগৰাকীৰ তেনে হেঁচা বা নিৰ্দেশ অগ্ৰাহ্য কৰি বিষয়াগৰাকীয়ে বিভাগীয় নীতি-নিয়মৰ মাজেৰেহে নিবিদা গ্ৰহন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিছৰে পৰাই বিধায়িকাৰ ৰোষত পৰি অৱশেষত আক্ৰোশমূলক বদলিৰ আদেশ লাভ কৰিবলগীয়া হৈছিল এইগৰাকী বিষয়াই৷ এই সন্দৰ্ভত "TimesAssam" ত বাতৰি বিস্তাৰিতভাৱে প্ৰকাশ হোৱাত জনসাধাৰনৰ লগতে বিভাগটোৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ পিছত চৰকাৰী বদলিৰ নিদ্দেৰ্শক প্ৰত্যাহ্বান জনাই দলংঘাট উন্নয়ন খণ্ডৰ বি ডি অ জিতেন্দ্ৰ কুমাৰ নাথ গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায় বিচাৰি কৰা আবেদনৰ শুনানি গ্ৰহন কৰি ন্যায়াধীষ আদালতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবৰ দ্বাৰা স্বাক্ষৰিত পি আৰ দি-১২/১০/২০১৭-পি আৰ দি(বি)-৭৬ নম্বৰ বদলিৰ নিৰ্দ্দেশত স্থগিতাদেশ জাৰী কৰি চৰকাৰক কৈফিয়ৎ তলব কৰে বুলি জানিব পৰা গৈছে৷
ন্যায়ালয়ৰ আদেশ লাভ কৰি আন্তৰিক সন্তোষ্টি প্ৰকাশ কৰি জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে তেওঁ বিভিন্ন ধৰনৰ প্ৰত্যাহ্বান নেওচি চাকৰিকালৰ প্ৰায় অন্তিম পৰ্যায় পাইছেহি আৰু অৱসৰগ্ৰহনৰ সময়লৈকে চৰকাৰী বিধি মতেই ৰাইজৰ হকে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰি যাব৷ স্থানীয় ৰাইজে বিষয়াগৰাকীৰ বদলিকৰন স্থগিত হোৱাৰ খবৰ লাভ কৰি সন্তোষ্টি লাভ কৰাৰ বিপৰীতে বিধায়িকা আঙুৰলতাই ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি পুনৰ সমষ্টিত একপ্ৰকাৰ মুখথেকেচা খোৱা বিষয়টোয়ে এতিয়া বেছ চৰ্চালাভ কৰা পৰিলক্ষিত হৈছে৷