
বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্মস্থানখনৰ উন্নয়ন কল্পে অসম চৰকাৰে ইতিমধ্যেই বিগত বিত্তীয় বৰ্ষত আগবঢ়োৱা প্ৰায় তিনি কোটি টকাৰে বটদ্ৰৱা থানত ৰূপায়ন কৰিবলগীয়া বিভিন্ন আঁচনি সন্দৰ্ভত মংগলবাৰে নগাঁও জিলাৰ নৱ নিযুক্ত উপায়ুক্ত তথা চৰকাৰীভাৱে গঠিত শ্ৰীশ্ৰী বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়া লগত বটদ্ৰৱা থান পৰিচালনা সমিতি এক সৌহাদ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হৈ যায় ।
শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা বটদ্ৰৱা থান উন্নয়ন সমিতিৰ সদস্য সচিব দেবানন্দ দেৱ গোস্বামী, কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰা, সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা প্ৰমুখ্য কেইবাগৰাকীও কাৰ্যকৰী সদস্যই ভাগ লোৱা আলোচনাত থানখনত আৰম্ভ হ’বলগীয়া উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত নৱ-নিযুক্ত উপায়ুক্তগৰাকীক বিশদভাৱে অবগত কৰি উদ্যমী প্ৰশাসনীক বিষয়াগৰাকীৰ তত্বাবধানত বটদ্ৰৱা থানে এক ন-ৰূপ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷
নগাঁও জিলা উপাযুক্ত তথা বটদ্ৰৱা থান উন্নয়ন সমিতিৰ অধ্যক্ষ যাদৱ শইকীয়াই থানখনৰ উন্নয়নৰ অৰ্থে অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ জৰিয়তে আগবঢ়োৱা প্ৰায় তিনি কোটি টকাৰ এশ শতাংশ সদ্ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁ প্ৰত্যক্ষ নিৰীক্ষণত প্ৰতিটো আঁচনিৰ কাম তৰান্বিত কৰা হব বুলি এই সংবাদদাতাক জানিবলৈ দিয়ে৷ এই ক্ষেত্ৰত থান পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজ তথা সংবাদমাধ্যমেও যাতে দৃষ্টি ৰাখি সহায় সহযোগীতা আগবঢ়ায় তাৰ বাবে তেওঁ আহ্বান জনায়৷ পিছত উপায়ুক্তগৰাকীয়ে আঁচনি ৰূপায়িত হ’বলগীয়া স্থানসমূহ পৰিদৰ্শনো কৰে৷
ইপিনে মংগলবাৰেই স্থানীয় বিধায়িকা আঙুৰলতা ডেকা বটদ্ৰৱা থানত উপস্থিত হৈ থানৰ উন্নয়ন মূলক কাম কাজৰ বুজ লয়৷ বিধায়িকাগৰাকীয়ে টেলিফোনত মুখ্যমন্ত্ৰীৰ লগত থান পৰিচালনা সমিতিৰ যোগাযোগ কৰাই দিয়াত অসম চৰকাৰে চলিত বিত্তীয় বাজেটত বটদ্ৰৱা থানৰ উন্নয়ন কল্পে ধাৰ্য কৰা ১৫৫ কোটিৰ ধনৰ বাবে আৰু থান পৰিচানলা সমিতি তথা বটদ্ৰৱাবাসীৰ হৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰা হয়৷