বটদ্ৰৱাঃ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে ভাৰতীয় বন সেৱাৰ বিষয়া পেৰিয়া স্বামী শিৱকুমাৰক৷

অসম চৰকাৰৰ বন বিভাগৰ নিৰ্দেশ মৰ্মে ভাৰতীয় বন সেৱাৰ এগৰাকী সুদক্ষ আৰু প্ৰকৃতি প্ৰেমী বিষয়া হিচাপে পৰিচিত পেৰিয়া স্বামী শিৱকুমাৰক প্ৰধান মুখ্য বন সংৰক্ষকৰ পদোন্নতি প্ৰদানেৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

বন বিষয়া পেৰিয়া স্বামী শিৱকুমাৰে অসমৰ বিভিন্ন জিলাত দক্ষতাৰে কাৰ্যনিৰ্বাহক কৰাৰ পাছত বৰ্তমান বন বিভাগত মুখ্য বন সংৰক্ষক হিচাপে তেজপুৰত কৰ্মৰত হৈ আছে। উল্লেখ্য যে, শিৱকুমাৰে তামিলনাডুৰ মেত্তুপালায়াম ফৰেষ্ট কলেজ এণ্ড ৰিচাৰ্জ ইনষ্টিটিউটৰপৰা স্নাতক ডিগ্ৰী লৈ অসম আৰু মেঘালয় কেডাৰৰ হৈ ভাৰতীয় বন সেৱাৰ বাবে নিৰ্বাচিত হৈ অসমত সেৱা আগবঢ়াই আছে।

মুখ্য বন সংৰক্ষক হিচাপে পি শিৱকুমাৰে পূৰ্বৰ সঞ্চালক আকাশদ্বীপ বৰুৱাৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ প্ৰকল্পৰ দাযিত্বভাৰ গ্ৰহণ কৰিব। বন বিষয়াগৰাকীৰ নিযুক্তিত প্ৰকৃতিপ্ৰেমী ৰাইজ তথা সংগঠনে সন্তোষ প্ৰকাশ কৰি তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷